নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ :জাতিংগাত পক্ষীৰ ৰহস্যজন মৃত্যুৱে ভাৰতৰ পক্ষীবিদসকলৰ লগতে গৱেষকসকলক সদায় আকৰ্ষিত কৰি আহিছে ৷ জাতিংগাৰ ওচৰত অৱস্থিত অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ বৰাইল পাহাৰে দক্ষিণ-পশ্চিমৰ বতাহক ঠাইবোৰত বিচ্যুত কৰে । তদুপৰি, ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাবোৰ পৃথক কৰা শীৰ্ষবোৰ (জাতিংগা ৰিজ বুলিও কোৱা হয়) তললৈ ঢলি পৰে আৰু মুখ্য বৰাইল পাহাৰৰ সৈতে মিলিত হয়, যাৰ ফলত চাপ(funnel effect)ৰ সৃষ্টি হয় ৷ পক্ষীৰ মৃত্যুৰ আঁৰত ইয়াৰ কোনো কাৰণো জড়িত থকাৰ সন্দেহ কৰা হৈছিল ৷
কিন্তু শেহতীয়াকৈ জাতিংগাত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত শেহতীয়াকৈ উদ্ধাৰ হৈছে কিছু চাঞ্চল্যকৰ তথ্য ৷ জাতিঙ্গা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত ৷ জাতিংগা হৈছে এটা জেমি নাগা শব্দ, যাৰ অৰ্থ হৈছে 'বৰষুণ আৰু পানীৰ পথ'। অতি নৌসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত জাতিংগাত মৌচুমী ঋতুৰ শেষত, বিশেষকৈ অমাৱস্যা আৰু প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজত সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত পক্ষীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । এই ঘটনাই সকলোৰে মাজত চাঞ্চল্য সৃষ্টি কৰি থকাৰ মাজতে গৱেষকসকলে ইয়াৰ কাৰণ উদ্ঘাটন কৰিবলৈ আহি বিভিন্ন তথ্য প্ৰকাশ কৰিছিল ৷
কিন্তু শেহতীয়াকৈ অহা এক তথ্য অনুসৰি, প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে । পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে । তথ্য অনুসৰি, এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে । একাংশ গাঁওবাসীয়ে অন্ধকাৰ নিশা পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে আৰু তেওঁলোকে বাঁহৰ খুঁটাৰেৰে মৰিয়াই হত্যা কৰে ।