অসম

assam

By

Published : Sep 9, 2021, 7:34 PM IST

ETV Bharat / bharat

জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

নানা আখ্যান আৰু জনশ্ৰুতিৰে ভৰপূৰ ভাৰতভূমি ৷ এই আখ্যানসমূহ কিমানদূৰ সত্য, নে এয়া কাল্পনিক তথ্যৰ ভিত্তিৰ ৰচনা কৰা হৈছে তাকে লৈ বিভিন্ন সময়ত বিভিন্নজনে গৱেষণা আব্যাহত ৰাখিছে ৷ ইয়াৰে কিছুমানৰ তথ্য উদ্ঘাটন কৰাত গৱেষকসকল সফল হৈছে যদিও এনে বহু আখ্যান আৰু জনশ্ৰুতি আছে, যাক লৈ গৱেষণা অব্যাহত আছে ৷

Jana najana
জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ :এনে এক আখ্যান জড়িত আছে ইতিহাস বিজড়িত কন্দলী অঞ্চলত ৷ কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুত লুকাই আছে এটি বিস্ময়কৰ গুহা ৷ জনসমাজত এই বিস্ময়কৰ গুহাটো বাদুলী খোৰোং নামেৰে পৰিচিত ৷ ঐতিহাসিক এই আশ্চৰ্যকৰ খোৰোঙটোত যুগ যুগ ধৰি শত-সহস্ৰ বাদুলী বসবাস কৰি আহিছে ৷ জনবিশ্বাস মতে, এই বাদুলীবোৰ হেনো ঋষিৰ শাপত বন্দী হৈ থকা নাৰীৰূপী বাদুলীহে ৷

নগাঁও জিলাৰ দক্ষিণ-পূৱ প্ৰান্তত অৱস্থিত এই ঐতিহাসিক বাদুলী খোৰোং ৷ স্থানীয় লোকৰ মতে, প্ৰাক্ বৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই বিস্ময়কৰ শিলৰ গুহাটো আছিল ৷ এই ৰাজ্যত কেৱল মাত্ৰ নাৰীয়েহে বসবাস কৰিছিল, ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল ৷

জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

এদিন এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি নাৰীসকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে, তাক চাবৰ বাবে গুহাত সোমাওতে গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণীয়ে ঋষিক শিলত ওলোমাই কঠোৰ শাস্তি বিহে ৷ ইয়াতে লাজে অপমানে খঙত টিঙিৰতুলা হৈ ঋষিয়ে ৰাজ্যৰ নাৰীসকলক গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ শাও দিয়ে ৷ ইয়াৰ পাছতেই লগে লগে সকলো নাৰী বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় ৷ গুহাত আবদ্ধ হৈ থকা বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি মানুহে আজিও বিশ্বাস কৰে ৷

জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

স্থানীয় লোকৰ অনুসৰি, এই বাদুলীবোৰ ঋষিৰ অভিশাপৰ বাবেই গুহাৰ নিৰ্দ্দিষ্ট সীমা অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নাযায় ৷ জানিব পৰা মতে, এই গুহাৰ সৈতে পূৰ্বৰেপৰা স্থানীয় লোকৰ এক ওতপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে ৷ অঞ্চলটোৰ সমীপৱৰ্তী তিৱা লোকসকলৰ বসন্ত উৎসৱৰ নৃত্যৰ অত্যাৱশ্যকীয় সাজপাৰ বাদুলী খোৰোঙৰ পৰা অনাৰ এক পৰম্পৰা চলি আহিছে ৷ উৎসৱৰ আগদিনা নৃত্যশিল্পীসকলে প্ৰয়োজনীয় সাজপাৰ বিচাৰি পূজা-পাতল কৰাৰ লগতে গুহাত এখন শৰাই থৈ আহে আৰু পিছদিনা তেওঁলোকে গুহাৰ ফালৰপৰা শৰাইত থকা সাজপাৰবোৰ লৈ অনা হয় ৷

জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

তদুপৰি গুহাটোৰ প্ৰৱেশদ্বাৰৰ পৰা সাত নং কক্ষত শিৱ-পাৰ্বতীৰ মূৰ্তিৰ এখন থান আছে ৷ সম্প্ৰতি বিগত 19 বছৰ ধৰি মহা শিৱৰাত্ৰিৰ এদিন পাচৰে পৰা এই ঐতিহাসিক কন্দলী পাহাৰত অনুষ্ঠিত হৈ আহিছে বাদুলী খোৰোং মেলা । এই মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয় আৰু মেলাস্থলী একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত হয় ৷ ইফালে, বাদুলী খোৰোঙৰ আশে-পাশে থু পেলোৱা আৰু প্ৰস্ৰাৱ কৰা লোকৰ নানা ধৰণৰ বেমাৰ-আজাৰ, হানি-বিঘিনি ঘটাৰ বহু প্ৰবাদ বৰ্তমানেও ৰাইজৰ মাজত প্ৰচলিত হৈ আহিছে ৷

জনা-নজনা : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

বাদুলি খোৰোঙৰ এই প্ৰবাদ সত্য নে কাল্পনিক সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই ৷ কিন্তু এই প্ৰবাদ যে সত্য, সেয়া সন্দেহাতীত ৷ কিন্তু এই গুহাই সদায়ে পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে ৷ ইয়াৰ লগতে স্থানীয় লোকৰ আবেগ অনুভূতি জড়িত হৈ আছে ৷ কিন্তু পৰিতাপৰ কথা যে কিম্বদন্তীৰে ভৰা বিস্ময়কৰ এই বাদুলী খোৰোংটো সম্প্ৰতি ইতিহাসত বিলীন হোৱাৰ দিশে গতি কৰিছে ৷

খোৰোঙত খাদ্যৰ অভাৱত দিনক দিনে বাদুলীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ৷ উপযু্ক্ত ৰক্ষণাবেক্ষণ আৰু প্ৰচাৰৰ জৰিয়তে ইয়াক পৰ্যটকৰ আকৰ্ষণীয়স্থল হিচাপে গঢ়ি তুলি ৰাজ্যৰ পৰ্যটন উদ্যোগ অধিক সম্প্ৰসাৰিত কৰাৰ লগতে স্থানীয় লোকৰ নিয়োগৰ ব্যৱস্থা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু চৰকাৰে আজিকোপতি এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক :জনা-নজনা : লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক

ABOUT THE AUTHOR

...view details