নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ :গণেশ চতুৰ্থী উপলক্ষ্যে বৰ্তমান সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে গণেশ পূজা ৷ ভগৱান শিৱই খঙৰ বশৱৰ্তী হৈ গণেশৰ শিৰ শৰীৰৰ পৰা পৃথক কৰিছিল ৷ অৱশেষত তেওঁৰ খং শাম কটাত আৰু পত্নী পাৰ্বতীৰ পৰা প্ৰকৃত তথ্য লাভ কৰাত এটা হস্তীৰ শিৰ গণেশৰ শৰীৰত স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই হস্তীৰ শিৰৰ ৰূপতেই গণেশক পূজন কৰি অহা হৈছে ৷
এটা মন্দিৰ য'ত ভগৱান গণেশৰ মুণ্ডহীন মূৰ্তিৰ পূজা কৰা হয় এই মন্দিৰটো উত্তৰাখণ্ডত অৱস্থিত ৷ মনোমোহা কেদাৰ উপত্যকাৰ বুকুত আছে এই মন্দিৰটো ৷ এইটো পৃথিৱীৰ একমাত্ৰ মন্দিৰ য'ত ভগৱান গণেশক শিৰৰ অবিহনে পূজা কৰা হয় । মন্দিৰটো উত্তৰাখণ্ড ৰাজ্যৰ সুৱৰ্ণ প্ৰয়াগৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত । ঠাইখনক দেৱভূমি বুলিও জনা যায় ।
শিৱ পুৰাণত উল্লেখ থকা অনুসৰি ভগৱান শিৱই তেওঁৰ পুত্ৰ গণেশক এই স্থানতেই শিৰচ্ছেদ কৰিছিল আৰু পাছত এই স্থানতেই গণেশৰ শৰীৰত এটা হাতীৰ শিৰ সংস্থাপন কৰিছিল । ইয়াৰ পাছতেই এই মন্দিৰটোৰ নাম মুণ্ডকাটিয়া ৰখা হয় ৷ মুণ্ডকাটিয়া অৰ্থাৎ মুণ্ডা (মূৰ) আৰু কাটিয়া (কটা) । তেতিয়াৰে পৰা এই মন্দিৰটো মুণ্ডকাটিয়া নামে জনা যায় ৷
এটা মন্দিৰ য'ত ভগৱান গণেশৰ মুণ্ডহীন মূৰ্তিৰ পূজা কৰা হয় কেদাৰনাথলৈ পুৰণি পথেৰে যাত্ৰা কৰা ভক্তসকলে প্ৰথমে এই স্থানত ৰৈ এই মন্দিৰত পূজা অৰ্চনা কৰিছিল । কিন্তু যিহেতু নতুন পথটো নিৰ্মাণৰ পাছত এই মন্দিৰলৈ দৰ্শনাৰ্থীৰ আগমণ হ্ৰাস পাইছে ৷ কিন্তু এই মন্দিৰৰ তলেৰে সৰ্পিল গতিত বৈ যোৱা মান্দাকিনী নদীয়ে এক মনোৰম দৃশ্য প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক :বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?