নিউজ ডেস্ক, ৮ জুলাই : জম্মু-কাশ্মীৰত ধাৰাষাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে পথ যোগাযোগ (Vehicular traffic on Jammu-Srinagar National Highway) । বৰষুণৰ ফত সৃষ্টি হোৱা ভূমিস্খলনৰ ঘটনাৰ বাবে পথ যোগাযোগ ব্যাহত হয় । তাৰ মাজতে কিছু কিছু অংশত পাহাৰৰ শিল খহি পৰাৰ ঘটনাও সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।
জানিব পৰা মতে বৃহস্পতিবাৰে ওৰে নিশা হোৱা বৰষুণৰ ফলত ৰামবান জিলাৰ কেইবাঠাইতো নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ভূমিস্খলৰ ফলত পাহাৰৰ পৰা খহি পৰা মাটিয়ে ঘাইপথত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰে । ফলত অৱৰোধ হৈ পৰে ঘাইপথ (Jammu-Srinagar National Highway blocked due to landslides) । যাৰ বাবে শুকুৰবাৰে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অস্থায়ীভাৱে স্থগিত ৰখা হয় । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, উক্ত চৰকাৰী সূত্ৰ মতে, নিশাজুৰি হোৱা বৰষুণৰ ফলত মেহাৰ, কেফেটেৰিয়া মোড, চম্বা, অনোখিফল, কেলামোডে আৰু পাণ্টিয়ালত ভূমিস্খলন আৰু পাহাৰৰ শিল খহি পৰে । যাৰ ফলত ঘাইপথটোত অৱৰোধৰ সৃষ্টি হয় ।