নেশ্যনেল ডেস্ক, ৭ জুলাই: অৱশেষত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাতো নিষিদ্ধ কৰা হ'ল ড্ৰোণৰ ব্যৱহাৰ । কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কেইবাখনো জিলাত বিগত দিন কেইটাত সন্দেহজনক ড্ৰোণ উৰি থকা পৰিলক্ষিত হৈছিল । সেয়ে, কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ আশংকাত প্ৰশাসনে কেইবাখনো জিলাত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে । কুপৱাৰা জিলাত ড্ৰোণৰ ব্যৱহাৰ, বিক্ৰী, মজুতকৰণ, পৰিবহণ আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।
জিলা দণ্ডাধীশ ইমানদিনে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশৰ জৰিয়তে কোৱা হৈছে যে, গোপনীয়তা ভংগ, আক্ৰমণ আৰু অনাধিকাৰ প্ৰৱেশৰ আশংকাৰ উপৰিও নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কুপৱাৰা জিলাৰ আকাশত ড্ৰোণ উৰুৱাবলৈ অনুমতি দিয়াতো অত্যন্ত বিপদজনক । ড্ৰোণ কেমেৰা অথবা এনে ধৰণৰ মানৱবিহীন বিমান থকা প্ৰতিগৰাকী ব্যক্তিয়ে সঠিক ৰচিদ লৈ স্থানীয় আৰক্ষী থানাত ড্ৰোণ জমা দিব লাগিব বুলিও নিৰ্দেশ জাৰি কৰা হৈছে । নিৰাপত্তাৰ আন্তঃগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ড্ৰোণৰ অপ-ব্যৱহাৰৰ শেহতীয়া ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিকেন্দ্ৰীকৃত আকাশমাৰ্গৰ সীমাৰ প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ কৰা হ'ব ।