নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে । সন্ত্ৰাসবাদীসকলে আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা অনন্তনাগৰ গভীৰ অৰণ্য আৰু দুৰ্গম অঞ্চলবোৰ একপ্ৰকাৰ সন্ত্ৰাসবাদীৰ দুৰ্গ হৈ পৰিছে । কিয়নো এই সংঘৰ্ষত এতিয়ালৈ ৪ জন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে । ইফালে নিৰাপত্তা বাহিনীৰ অনুসন্ধান অভিযান দেওবাৰে পঞ্চম দিনত প্ৰৱেশ কৰিছে । যোৱা ১০০ ঘণ্টা ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসাবাদীৰ মাজত ড্ৰোণ আৰু গধুৰ আৰ্টিলাৰীৰ নিখুঁত আক্ৰমণ চলি আছে ।
অনন্তনাগৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰা সন্ত্ৰাসবাদীসকলৰ অৱস্থান নিৰ্ধাৰণ কৰিবলৈ ড্ৰোণৰ জৰিয়তে অভিযান চলোনা হৈছে । ইয়াৰ মাজতে শনিবাৰে নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিবলৈ চেষ্টা কৰা ৩ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । পাকিস্তানী সেনাই এটা সন্ত্ৰাসবাদীক পলাই যোৱাত সহায় কৰিবলৈ কভাৰ ফায়াৰ কৰিছিল বুলি জানিব পৰা গৈছে ।
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষৰ মাজতে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয় যে, দুগৰাকী জ্যেষ্ঠ বিষয়াকে ধৰি সৈনিকসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব ।