নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : জম্মু আৰু কাশ্মীৰৰ এখন আদালতে গুজৰাটৰ এটা প্ৰৱঞ্চকক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে (Gujrat conman sends to judicial custody)। অভিযুক্তজনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে পৰিচয় দিছিল আৰু কাশ্মীৰ ভ্ৰমণৰ সময়ত ৰাজ্যিক প্ৰট'কল আৰু নিৰাপত্তাৰ সুবিধা লৈছিল ।
নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক (ৰণনীতি আৰু অভিযান) হিচাপে কৰ্মৰত বুলি পৰিচয় দিয়া গুজৰাটৰ কিৰণ পেটেল নামৰ প্ৰৱঞ্চকজনক ৩ মাৰ্চত জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Fraud arrested in Jammu and Kashmir)। পেটেলক শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্ৰীনগৰ আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল আৰু ন্যায়াধীশে তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে এক বিবৃতিত কয় যে পেটেলক পঞ্চতাৰকা ললিত হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনাৰ বাবে গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত বহুতো প্ৰাসংগিক ব্যক্তিক সোধা-পোছা কৰা হৈছে । গোচৰটোৰ তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে ।