নেশ্যনেল ডেস্ক,৭ আগষ্ট :জম্মু-কাশ্মীৰৰ পুঞ্চৰ দেৱাৰ টেৰৱানৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । এই অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুটা সন্ত্ৰাসবাদী নিহত । ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান ।
জম্মু-কাশ্মীৰ সীমান্তত প্ৰায়ে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীকে ধৰি একাংশ লোকে অনুপ্ৰৱেশৰ চেষ্টা কৰে । কিন্তু ভাৰতৰ নিৰাপত্তা বাহিনীয়ে সেই অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰাত নিয়োজিত হৈ থাকে । বিভিন্ন সময়ত অনুপ্ৰৱেশকাৰীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হোৱাও দেখা যায় । সোমবাৰে পুৱতি নিশাও দুই সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰে ।
পুৱতি নিশা প্ৰায় ২ মান বজাত আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদী কেইটাই অনুপ্ৰৱেশৰ চেষ্টা কৰে । কিন্তু নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাৰে বাৰে সকীয়াই দিয়াৰ পাচতো সন্ত্ৰাসবাদী কেইটাই ভাৰতত প্ৰৱেশৰ চেষ্টা চলায় । ফলস্বৰূপে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । এই গুলীচালনাত সন্ত্ৰাসবাদী কেইটা নিহত হয় বুলি সেনাই জনাইছে ।