অসম

assam

ETV Bharat / bharat

মাদ্ৰাছা সন্দৰ্ভত নতুন কৌশল যুগুত জমিয়ত উলেমাৰ - অসমত জেহাদীৰ কাৰ্যকলাপ

উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছাসমূহৰ জৰীপ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত দিল্লীত জমিয়ত উলেমা-ই-হিন্দ আৰু মাদ্ৰাছাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয় (Meeting regarding the survey in madrasas) । এই বৈঠকত তিনিটা বিষয়ত সিদ্ধান্ত লোৱা হৈছে ।

Jamiat Ulema prepared a strategy on Madrasa survey
মাদ্ৰাছা সন্দৰ্ভত নতুন কৌশল যুগুত জমিয়ত উলেমাৰ

By

Published : Sep 6, 2022, 5:34 PM IST

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ:দেশৰ ৰাজধানী দিল্লীৰ আই টি অ’ত অৱস্থিত জমিয়ত উলেমা হিন্দৰ মুখ্য কাৰ্যালয়ত আজি মাদ্ৰাছাসমূহৰ জৰীপ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় (Meeting regarding the survey in madrasas) । য’ত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছাসমূহ জৰীপ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত দিল্লীত জমিয়ত উলেমা-ই-হিন্দ আৰু মাদ্ৰাছাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয় (UP govt to survey on Madrasas)।

মাদ্ৰাছা সন্দৰ্ভত নতুন কৌশল যুগুত জমিয়ত উলেমাৰ

এই বৈঠকত তিনিটা বিষয়ত সিদ্ধান্ত লোৱা হৈছে । প্ৰথমে চৰকাৰৰ সৈতে সাক্ষাৎ কৰিব জমিয়তে । দ্বিতীয়তে, সমীক্ষাৰ সময়ত হোৱা সমস্যাসমূহ বিবেচনা কৰি এখন পৰিচালনা সমিতি গঠন কৰা হ’ব ৷ য’ত মেহমুদ মাদানী, আৰ্ছাদ মাদানী, মৌলানা নিয়াজ আহমেদ ফাৰুকী আৰু দাৰুল উলুম দেওবন্দৰ মহতমিম আবুল কাছিম নৌমানীকে ধৰি ১২ জন লোক থাকিব (Jamiat formed committee on Madrasa survey) ।

এই কমিটিয়ে মাদ্ৰাছা সম্পৰ্কীয় সকলো বিষয় চাব । তৃতীয় কথাটো হ’ল মাদ্ৰাছা দেশৰ সম্পদ, বোজা নহয় । দেশৰ স্বাধীনতাৰ পৰা আজিলৈকে মাদ্ৰাছাসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল । বৈঠকৰ অন্তত মৌলানা মাহমুদ মাদানীয়ে কয়, ‘‘মাদ্ৰাছাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । আজিৰ সময়ত মাদ্ৰাছাবোৰক ভুলকৈ চোৱা হৈছে । মাদ্ৰাছাৰ কাম হৈছে পাৰস্পৰিক দূৰত্ব দূৰ কৰা । আমি দেশৰ বাবে আছিলোঁ, আছো আৰু থাকিম । মাদ্ৰাছাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোৰ-জবৰদস্তি হ’ব নালাগে’’ ।

দিল্লীত অনুষ্ঠিত এই বৈঠকত ১৫০ জনতকৈ অধিক মাদ্ৰাছা বিষয়াই উপস্থিতি পঞ্জীয়ন কৰে । ইয়াৰ উপৰিও অহা ২৪ ছেপ্টেম্বৰত দাৰুল উলুম দেওবন্দত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ কথাও আছে । য’ত মাদ্ৰাছাসমূহৰ ৰাইজে ভৱিষ্যতে এক কৌশল ৰচনা কৰিব । সভাত সিদ্ধান্ত লোৱা হয় যে ৰাইজে চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াব যাতে মাদ্ৰাছা সম্পৰ্কীয় সকলো অভাৱ নিজস্ব পৰ্যায়ত দূৰ কৰিব পাৰে । কিন্তু যদি চৰকাৰে কেৱল অভাৱ আৰু অশান্তি সৃষ্টিৰ লক্ষ্যৰে আগবাঢ়ে তেন্তে ইয়াৰ বিৰোধিতা কৰা হ’ব বুলি তেওঁলোকে উল্লেখ কৰে ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে তাৰ পূৰ্বেই অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰেও মাদ্ৰাছাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Assam govt bans Madrasas) ৷ মাদ্ৰাছা বন্ধ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতেই ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছিল ৷ কিন্তু এই সমূহলৈ কৰ্ণপাত নকৰি চৰকাৰে মাদ্ৰাছা সমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰে ৷

তাৰোপৰি শেহতীয়াকৈ অসমত জেহাদীৰ কাৰ্যকলাপ পোহৰলৈ অহাৰ পাচত আন এক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সেই অনুসৰি যিসমূহ মাদ্ৰাছা বিদ্যালয়ৰ সৈতে জেহাদীৰ লিংক পোৱা গৈছে, সেই সমূহ উচ্ছেদ কৰা হৈছে (Madrasa demolished in Assam) ৷ বৰ্তমানলৈকে মৰিগাঁৱত এখন, বৰপেটাত এখন আৰু বঙাইগাঁৱত এখন মাদ্ৰাছা উচ্ছেদ কৰিছে প্ৰশাসনে ৷ তাৰোপৰি, আজি গোৱালপাৰাত ৰাইজে উচ্ছেদ কৰে এখন মাদ্ৰাছা ৷

লগতে পঢ়ক:গোৱালপাৰাত ৰাইজে উচ্ছেদ কৰিলে মাদ্ৰাছা

ABOUT THE AUTHOR

...view details