অসম

assam

By

Published : Dec 7, 2021, 10:41 PM IST

ETV Bharat / bharat

2022 চনৰ শেষভাগত ত্ৰিপুৰাত অন্ত পৰিব জল জীৱন মিছন

২০২২ চনৰ শেষৰ ফালে ত্ৰিপুৰাত জল জীৱন মিছন সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখিছে ৰাজ্য চৰকাৰে(Jal Jeevan Mission is expected to end by 2022 in Tripura) ৷ ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী সকল মিলিত হৈছে বিশেষ বৈঠকত ৷

Jal Jeevan Mission is expected to end by 2022 in Tripura
2022 চনৰ শেষভাগত ত্ৰিপুৰাত অন্ত পৰিব জল জীৱন মিছন

আগৰতলা, 7 ডিচেম্বৰ : ত্ৰিপুৰাত ২০২২ চনৰ শেষৰ ফালে জল জীৱন মিছন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে বিদ্যুৎ বিভাগ আৰু খোৱা পানী আৰু অনাময় বিভাগে (ডি.ডব্লিউ.এছ) মঙলবাৰে ত্ৰিপুৰাৰ ৰাজ্যিক সচিবালয়ত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে(Jal Jeevan Mission is expected to end by 2022 in Tripura) । খোৱা পানী আৰু অনাময় বিভাগৰ (Drinking Water and Sanitation department ) যুটীয়া উদ্যোগত ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী আৰু শক্তি মন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত হয় ।

বৈঠকত ডি.ডব্লিউ.এছৰ মন্ত্ৰী সুশান্ত চৌধুৰীও উপস্থিত আছিল । বৈঠকত উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা(Deputy Chief Minister of Tripura Jishsnu Dev Verma)ই ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিবলৈ aspirational block সমূহক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে পৰামৰ্শ দিয়ে যে, প্ৰকল্পটোৰ ৰূপায়ণ পৰ্যায়ক্ৰমে সম্পন্ন কৰিব লাগে । ডি.ডব্লিউ.এছ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনত জল জীৱন মিছন ৰূপায়ণত সৰ্বাধিক গুৰুত্ব দিছে ।

এই প্ৰকল্পটোত, বিভাগটোৱে ঘৰে ঘৰে খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িছে ।

লগতে পঢ়ক :Amit Shah meets Himanta Biswa Sarma : AFSPA নহয়, দলীয় বিষয় সন্দৰ্ভতহে হ’ল আলোচনা

ABOUT THE AUTHOR

...view details