নেশ্যনেল ডেস্ক, ২ অক্টোবৰ: শনিবাৰে জল জীৱন মিছন মোবাইল এপ্লিকেছন(Jal Jeevan Mission mobile application) মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)য়ে । তেওঁ কয় যে, জল জীৱন মিছনে দেশৰ মহিলাসকলৰ সময় ৰাহি কৰাৰ লগতে কষ্টও লাঘৱ কৰিছে । কিয়নো, পূৰ্বে গ্ৰামাঞ্চলৰ মহিলাসকলে বহু দূৰৰ পৰা খোৱা পানী আনিবলৈ যাবলগীয়া হৈছিল । মহাত্মা গান্ধীৰ ১৫২ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছন মোবাইল এপ্লিকেছন মুকলি কৰে ।
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত গাঁও পঞ্চায়তৰ মুৰব্বী আৰু জল সমিতি/ গ্ৰাম্য পানী আৰু অনাময় সমিতি(Village Water and Sanitation Committees)ৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী মোডীক জনায় যে, জল জীৱন মিছনৰ জৰিয়তে তেওঁলোকৰ গাওঁসমূহত প্ৰতিটো পৰিয়ালৰে ঘৰত এটাকৈ টেপ সংযোগ কৰা হৈছে । ইয়াৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হৈছে । মত-বিনিময়ৰ সময়ত তেওঁলোকে প্ৰধানমন্ত্ৰীক জনায় যে, গাঁৱৰ মহিলাসকলে এতিয়া তেওঁলোকৰ সন্তানক পঢ়োৱা আৰু ধন উপাৰ্জনৰ বাবে বিভিন্ন কাম কৰা আদিত ব্যস্ত হোৱাৰ সুযোগ পাইছে । গান্ধী জয়ন্তীৰ দিনাই প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰীয় জল জীৱন কোষো মুকলি কৰে ।
ইয়াৰ জৰিয়তে ভাৰতৰ অথবা বিদেশৰ যিকোনো ব্যক্তি, প্ৰতিষ্ঠান, কৰ্প'ৰেট অথবা সমাজসেৱকে প্ৰতিটো গ্ৰাম্য পৰিয়াল, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, আশ্ৰম আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত পানীৰ টেপ সংযোগ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰিব । শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, জল জীৱন মিছন সন্দৰ্ভত শনিবাৰে দেশজুৰি গ্ৰাম সভাও অনুষ্ঠিত হ'ব । গ্ৰাম সভাসমূহত গাঁৱৰ পানী যোগান প্ৰণালীৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু দীৰ্ঘম্যাদী ৰূপত জল সুৰক্ষাৰ বাবেও কাম কৰিব ।
জল সমিতিয়ে গাঁৱৰ পানী যোগান প্ৰণালীৰ পৰিকল্পনা, ৰূপায়ণ, ব্যৱস্থাপনা, সঞ্চালন আৰু তত্বাৱধান আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে, প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰাটো সম্ভৱপৰ হৈ উঠিছে । ৬ লাখতকৈও অধিক গাঁৱৰ ভিতৰত প্ৰায় ৩.৫ লাখ গাঁৱত জল সমিতি/গ্ৰাম্য পানী আৰু অনাময় সমিতি গঠন কৰা হৈছে । ফিল্ড টেষ্ট কিট ব্যৱহাৰ কৰি পানীৰ মান পৰীক্ষা কৰিবলৈ ৭.১ লাখৰো অধিক মহিলাক প্ৰশিক্ষণ দিয়া হৈছে ।