নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে দুদিনীয়া ভ্ৰমণৰে উপস্থিত হৈছে বাহৰেইনত ৷ মঙলবাৰে তেওঁ বাহৰেইনৰ বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰ সৈতে মিলিত হয় ৷ দুয়ো দেশৰ দ্বিপাক্ষিক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্পৰ্কত আলোচনা কৰে ভাৰত আৰু বাহৰেইনৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ৷
বৈদেশিক মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, বৈদেশিক মন্ত্ৰী হিচাপে এয়া জয়শংকৰৰ প্ৰথমটো বাহৰেইন ভ্ৰমণ ৷
টুইটাৰৰ জৰিয়তে জয়শংকৰে কয়, "বৈদেশিক মন্ত্ৰী ড0 আব্দুল্লাতিফ বিন ৰছিদ অল জয়ানীৰে মিলিত হৈ বাহৰেইন ভ্ৰমণৰ আৰম্ভণি কৰিলো ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰিন্স খলিফা বিন ছলমান অল খলিফাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিলো ৷"
জয়শংকৰে লগতে কয় যে, দুয়োগৰাকী মন্ত্ৰীয়ে আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিভিন্ন বিষয়ত নিজৰ মতামত দাঙি ধৰিলে ৷ লগতে কৰ'ণা মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ বিশেষ যত্ন লোৱাৰ বাবে বাহৰেইন প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে জয়শংকৰে ৷
লগতে তেওঁ লিখে, "বিভিন্ন বিভাগত আমাৰ ঐতিহাসিক সম্পৰ্ক আৰু সহযোগিতাৰ বিষয়েও আমি আলোচনা কৰিলো ৷ আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত আমাৰ মতামত দাঙি ধৰিলো ৷ ভাৰতীয় লোকৰ বিশেষ ধ্যান ৰখাৰ বাবে বাহৰেইনক ধন্যবাদ জ্ঞাপন কৰিলো ৷"
বিবৃতি অনুসৰি, বাহৰেইন ভ্ৰমণ সামৰি জয়শংকৰে দুদিনীয়া ভ্ৰমণেৰে 25 নৱেম্বৰত আৰৱ গণৰাজ্যত উপস্থিত হ'ব ৷ 26 নৱেম্বৰত তেওঁ আৰৱ গণৰাজ্যৰ বৈদেশিক মন্ত্ৰী শ্বেইখ আব্দুল্লা বিন জায়েদ অল নাহয়ানৰ সৈতে মিলিত হ'ব ৷
বিবৃতি অনুসৰি, "দুয়োগৰাকী নেতাই ভাৰত আৰু আৰৱ গণৰাজ্যৰ বিভিন্ন বিষয়ৰ সহযোগিতা আৰু অংশীদাৰিত্ব তথা আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত মতামত দাঙি ধৰিব ৷"
ইয়াৰ পাচত 27 আৰু 28 নৱেম্বৰত জয়শংকৰ উপস্থিত হ'ব ছেইচেলছত ৷ ছেইচেলছৰ নতুন ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভাবাৰ্তা প্ৰেৰণ কৰিব আৰু নতুন চৰকাৰৰ প্ৰাধান্যতা সম্পৰ্কত আলোচনা কৰিব ৷
লগতে পঢ়ক :এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল