নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (External Affairs Minister S Jaishankar) হোৱাইট হাউছত (White House) আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে (US National Security Advisor) । উক্ত সাক্ষাৎকালত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী তথা গভীৰ কৰা আৰু এক মুক্ত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ উপায়ৰ বিষয়ে আলোচনা কৰে । উল্লেখ্য, চাৰিদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে ৱাশ্বিংটনলৈ যোৱা জয়শংকৰে মঙলবাৰে ছুলিভানৰ সৈতে ইউক্ৰেইন সংঘাতৰ বিষয়েও আলোচনা কৰে (Jaishankar met US National Security Advisor) ।
"আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব গভীৰ কৰা, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ (Russia war in Ukraine) প্ৰভাৱ হ্ৰাস কৰা আৰু স্বতন্ত্ৰ, মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে আমাৰ অংশীদাৰী প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিবলৈ আজি ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰোঁ ।" ছুলিভানে এক টুইটযোগে এনেদৰে কয় । উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু আন কেইবাটাও বিশ্ব শক্তিয়ে অঞ্চলটোত চীনৰ বৰ্ধিত সামৰিক মনোভাবৰ পটভূমিত এক স্বতন্ত্ৰ, মুক্ত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰি আহিছে ।