নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ :সোমবাৰে মেক্সিকোৰ 200 তম স্বাধীনতা উপলক্ষে বলিজৰ প্ৰধানমন্ত্ৰী জনী ব্ৰিকেন’ আৰু বৈদেশিক মন্ত্ৰী ইমন কোৰ্টনেক সাক্ষাৎ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷ ভাৰতৰ ‘ভেকচিন মৈত্ৰী’ সন্দৰ্ভত তেওঁলোকৰ উষ্ম প্ৰসংশাক আদৰণি জনায় বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷ টুইটযোগে তেওঁ এই সাক্ষাৎ সন্দৰ্ভত লিখে "Pleased to meet PM JohnBrind FM Eamon Courtenay of Belize. Appreciated their warm words on our vaccine maitri".
‘ভেকচিন মৈত্ৰী’ হ’ল ভাৰতৰ দ্বাৰা গ্ৰহণ কৰা এক মানৱীয় পদক্ষেপ ৷ ভাৰতে দেশত প্ৰস্তুত কৰা ক’ভিড 19 ভেকচিনসমূহ বিশ্বৰ বিভিন্ন দেশত বিতৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ 2021 চনৰ 20 জানুৱাৰীৰ পৰাই ভাৰত চৰকাৰে অন্য ৰাষ্ট্ৰসমূহক ভেকচিনৰ যোগান ধৰি আহিছে ৷