অসম

assam

By

Published : Jul 11, 2021, 1:01 PM IST

ETV Bharat / bharat

ৰাণী কেটেভানৰ দেহাৱশেষ জৰ্জিয়া চৰকাৰক অৰ্পণ এছ জয়শংকৰৰ

জৰ্জিয়াৰ এক বিশেষ অনুষ্ঠানত সপ্তদশ শতিকাৰ জৰ্জিয়ান ৰাণী কেটেভানৰ দেহাৱশেষৰ এটা অংশ দেশখনৰ চৰকাৰক অৰ্পণ কৰে ভাৰতে । ভাৰত চৰকাৰৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে এই হস্তান্তৰ প্ৰক্ৰিয়াত ।

relics of Georgias Queen Ketevan
ভাৰতে জৰ্জিয়া চৰকাৰক হস্তান্তৰ কৰিলে ৰাণী কেটেভানৰ ধ্বংসাৱশেষৰ এটা অংশ

নেশ্যনেল ডেস্ক, 11 জুলাই :দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে শুকুৰবাৰে জৰ্জিয়াত উপস্থিত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (S Jaishankar) । জৰ্জিয়াত উপস্থিত হোৱাৰ লগে লগে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডেভিদ জালকালিয়ানীয়ে (David Zalkaliani) উষ্ম আদৰণি জনায় ভাৰতৰ মন্ত্ৰী জয়শংকৰক । মন্ত্ৰীগৰাকীয়ে দেশখনত উপস্থিত হৈ এক বিশেষ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । জৰ্জিয়াৰ কেথলিকোছ-পেট্ৰিয়াৰ্ক বিটিউড ইলিয়া দ্বিতীয় আৰু প্ৰধানমন্ত্ৰী ইৰাকলি গাৰিবাশভিলি উপস্থিত থাকে এই অনুষ্ঠানত ।

এই বিশেষ অনুষ্ঠানতে মন্ত্ৰী জয়শংকৰে জৰ্জিয়া চৰকাৰক অৰ্পণ কৰে ভাৰতত উদ্ধাৰ হোৱা জৰ্জিয়াৰ ৰাণী ছেইণ্ট কুইন কেটেভানৰ পবিত্ৰ দেহাৱশেষ । ছেইণ্ট কুইন কেটেভানৰ পবিত্ৰ দেহাৱশেষ জৰ্জিয়া চৰকাৰক অৰ্পণ কৰি আবেগিক হৈ পৰে মন্ত্ৰীগৰাকী । হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া টুইটযোগে ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।

ভাৰতে জৰ্জিয়া চৰকাৰক হস্তান্তৰ কৰিলে ৰাণী কেটেভানৰ ধ্বংসাৱশেষৰ এটা অংশ

জয়শংকৰৰ মতে ছেইণ্ট কুইন কেটেভানৰ (St. Queen Ketevan) পবিত্ৰ দেহাৱশেষ জৰ্জিয়াৰ জনসাধাৰণক অৰ্পণ কৰা মুহূৰ্তটো তেওঁৰ বাবে অতি আবেগিক আছিল আৰু তেওঁ এই কাৰ্য সম্পাদন কৰি ধন্য । ভাৰত চৰকাৰৰ এই পদক্ষেপৰ লগতে তেওঁৰ এই জৰ্জিয়া ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে । ইফালে জৰ্জিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডেভিদ জালকালিয়ানীয়েও ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই পদক্ষেপক প্ৰশংসা কৰে ।

উল্লেখ্য যে ছেইণ্ট কুইন কেটেভান এগৰাকী সপ্তদশ শতিকাৰ জৰ্জিয়ান ৰাণী আছিল । তেওঁৰ দেহাৱশেষ ২০০৫ চনত মধ্যযুগীয় পৰ্তুগীজ ৰেকৰ্ডৰ আধাৰত ভাৰতৰ পুৰণি গোৱাৰ ছেইণ্ট আগষ্টিন কনভেন্টত পোৱা গৈছিল । এই দেহাৱশেষ ১৬২৭ চনত গোৱালৈ অনা হৈছিল আৰু ছেইণ্ট আগষ্টিন কমপ্লেক্সত ৰখা হৈছিল বুলি এক ধাৰণা কৰা হয় ।

ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ জৰীপৰ সময়ত হায়দৰাবাদৰ চিএছআইআৰ-চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজিয়ে ডিএনএ (DNA) বিশ্লেষণ কৰিছিল আৰু সেই দেহাৱশেষ ৰাণী কেটেভানৰ বুলি নিশ্চিত কৰিছিল । তাৰ পিছতে ২০১৭ চনত জৰ্জিয়া চৰকাৰৰ অনুৰোধত ভাৰতে ছয় মাহৰ বাবে এই দেহাৱশেষ এক প্ৰদৰ্শনীৰ উদ্দেশ্যে জৰ্জিয়ালৈ প্ৰেৰণ কৰিছিল । দেহাৱশেষ খিনি প্ৰদৰ্শনৰ বাবে সময়সীমা অতিৰিক্তি ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছিল আৰু ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত এই দেহাৱশেষ পুনৰ ভাৰতক ঘূৰাই দিয়া হৈছিল ।

জৰ্জিয়াত থকা সময়চোৱাত দেহাৱশেষ খিনি বিভিন্ন গীৰ্জাঘৰত প্ৰদৰ্শন কৰা হৈছিল । ইফালে পবিত্ৰ দেহাৱশেষৰ স্থায়ী স্থানান্তৰৰ বাবে জৰ্জিয়াৰ ফালৰ পৰা নিৰন্তৰ অনুৰোধ জনোৱা হৈছিল ভাৰত চৰকাৰক । ছেইণ্ট কুইন কেটেভানৰ সৈতে জড়িত জৰ্জিয়াৰ জনসাধাৰণৰ ঐতিহাসিক, ধৰ্মীয় আৰু আধ্যাত্মিক অনুভূতিৰ কথা বিবেচনা কৰি ভাৰত চৰকাৰে জৰ্জিয়া চৰকাৰ আৰু জনসাধাৰণক পবিত্ৰ দেহাৱশেষৰ এটা অংশ উপহাৰ দিয়াৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক :ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক

ABOUT THE AUTHOR

...view details