অসম

assam

ETV Bharat / bharat

ভাৰত-কানাডা দ্বিপাক্ষিক চুক্তি সম্পৰ্কত দৃঢ়তা প্ৰকাশ জয়শংকৰ, চেম্পেইনৰ

ভাৰত-কানাডা দ্বিপাক্ষিক চুক্তি সম্পৰ্কত দৃঢ়তা প্ৰকাশ এছ. জয়শংকৰ আৰু ফ্ৰাংকইছ ফিলিপ চেম্পেইনৰ ৷ দুয়োগৰাকী নেতাই 'তৃতীয় ভাৰত-কানাডা 1.5 ডায়লগ'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৷

By

Published : Nov 18, 2020, 7:49 AM IST

Jaishankar, Canadian counterpart express confidence in growth of India-Canada ties
জয়শংকৰ আৰু চেম্পেইন

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ :ভাৰতৰবৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ আৰু কানাডাৰ বৈদেশিক মন্ত্ৰী ফ্ৰাংকইছ ফিলিপ চেম্পেইনে মঙলবাৰে ভাৰত-কানাডাৰ শক্তিশালী বাণিজ্যিক আৰু বিনিয়োগ সম্পৰ্কৰ বিষয়ে আলোচনাত মিলিত হয় ৷ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্ক উন্নতৰ হোৱা বুলিও দৃঢ়তা প্ৰকাশ কৰে ৷

দুয়োগৰাকী নেতাই 'তৃতীয় ভাৰত-কানাডা 1.5 ডায়লগ'ত অংশগ্ৰহণ কৰে আৰু বিভিন্ন বৈশ্বিক বিষয় সম্পৰ্কত ভাৰত আৰু অট্টাবাৰ সহযোগিতা সম্পৰ্কত আলোচনা কৰে ৷

জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "FM @FP_Champagne ৰ সৈতে ভাৰত-কানাডা 1.5 ডায়লগত অংশগ্ৰহণ কৰি আনন্দিত হ'লো ৷ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবৰ বাবে দুয়োগৰাকীয়ে দৃঢ়তা প্ৰকাশ কৰিলো ৷ বিভিন্ন বৈশ্বিক বিষয় সম্পৰ্কত ভাৰত আৰু অট্টাবাৰ সহযোগিতা সম্পৰ্কত আলোচনা কৰিলো ৷"

চেম্পেইনে টুইটাৰৰ জৰিয়তে কয়, "আজি মই @DrSJaishankar ৰ সৈতে ভাৰত-কানাডা 1.5 ডায়লগত অংশগ্ৰহণ কৰিলো ৷ আমি শক্তিশালী বাণিজ্যিক আৰু বিনিয়োগ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিলো আৰু 2019 চনত প্ৰায় $10B ৰ দ্বিপাক্ষিক বাণিজ্য সম্পন্ন কৰিছো ৷ আমি এই দিশত আৰু কাম কৰি যাম ৷"

লগতে পঢ়ক :অসম-নাগালেণ্ড সীমান্তত অচলাৱস্থাঃ পথ অৱৰোধেৰে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details