নিউজ ডেস্ক, 8 জানুৱাৰী :''মণিপুৰৰ লোকসকলৰ সেৱাত বিফল হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ । ভাৰতৰ নিৰ্বাচন আয়োগে সংবাদমেলত জনাইছে যে, মণিপুৰৰ মাত্ৰ ৫৭% লোকেই প্ৰথম পালি আৰু ৪৩% লোকে দ্বিতীয় পালিও লাভ কৰিছে। প্ৰথমে ইম্ফলত, আৰু পিছত নতুন দিল্লীত ইঞ্জিন সলনি কৰাৰ সময় আহিছে ।'' টুইটাৰ যোগে এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে (Jairam Ramesh's tweet on double engine Govt) ৷
মন কৰিব লগীয়া যে, মণিপুৰৰ নিৰ্বাচনৰ (Manipur assembly election 2022) পূৰ্বে মঙলবাৰে এক ৰাজহুৱা সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে, কেন্দ্ৰ আৰু ৰাজ্যখনত চলি থকা বিজেপি চৰকাৰৰ বাবে যথেষ্ট উপকৃত হৈছে ৰাজ্যখন ৷ সচৰাচৰ বিজেপি দলে দাবী কৰাৰ দৰেই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও ভাষণ প্ৰসংগত উল্লেখ কৰিছিল ডাবল ইঞ্জিন চৰকাৰৰ কথা (PM Modi on double engine Govt in Manipur) ৷ এনে সময়তে, এতিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে টুইট যোগে ডাবল ইঞ্জিন চৰকাৰৰ সম্পৰ্কত কৰা মন্তব্যই বহন কৰিছে যথেষ্ট তাৎপৰ্য ৷