নিউজ ডেস্ক, ২১ জুন :বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ দৰে দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত শৰণাৰ্থী হিচাপে থকা বা ভাৰতলৈ প্ৰব্ৰজন কৰিব বিচৰা হিন্দু, শিখ, পাৰ্চী আদি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই নাগৰিকত্ব আইন সংশোধন কৰে । ইতিমধ্যে এই নাগৰিকত্ব সংশোধনী আইনৰ আওতাত তেনে ধৰণৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে । এইবাৰ ৰাজস্থানত তিনিগৰাকী পাকিস্তানৰ শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় ।
ৰাজস্থানৰ জয়ছেলমাৰ জিলাৰ উপায়ুক্ত টিনা ডাবিয়ে পাকিস্তানী প্ৰব্ৰজনকাৰীকেইগৰাকীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে । ইফালে ভাৰতত শৰণাৰ্থী হিচাপে থকা পাকিস্তানী নাগৰিক তিনিগৰাকীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁলোকৰ মুখমণ্ডলত এক সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠে । লগতে তেওঁলোকে জিলা প্ৰশাসনক ধন্যবাদ জনায় ।
উল্লেখ্য, জয়চেলমাৰ জিলাৰ উপায়ুক্তই তেওঁলোকক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য ৰাখি জিলা উপায়ুক্ত ডাবিয়ে সকলোকে অভিনন্দন জনায় আৰু কয় যে জিলা প্ৰশাসন তেওঁলোকৰ সুবিধাৰ বাবে কাম কৰিবলৈ সদায় সাজু । উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁলোকে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ।