নিউজ ডেস্ক , 17 ছেপ্টেম্বৰ :নাগালেণ্ডৰ মুখ্যমন্ত্ৰী Neiphiu Rio, উপ মুখ্যমন্ত্ৰী Yanthungo Pattonৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ উপস্থিতিত শুকুৰবাৰে জগদীশ মুখীয়ে(Jagdish Mukhi) ৰাজ্যখনৰ 20তম ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে ৷ নাগালেণ্ড ৰাজভৱনৰ Dr Imkongliba Ao প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখীয়ে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷
শপত গ্ৰহণ অনুষ্ঠানৰ সমগ্ৰ কাৰ্যক্ৰম মুখ্য সচিব জে আলমে(J Aalam)এ আগবঢ়াই নিয়াৰ পৰিৱৰ্তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ(Gauhati High Court) ন্যায়াধীশ Songkhupchung Sertoএ পদ আৰু গোপনীয়তাৰ শপতপাঠ(oath of office and secrecy)ৰ কাৰ্যসূচী পৰিচালনা কৰে ৷
নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে টুইটযোগে এই কথা সকলোকে অৱগত কৰে ৷ নিজৰ শপতগ্ৰহণ অনুষ্ঠানৰ বিষয়ে সকলোকে অৱগত কৰি ৰাজ্যপালগৰাকীয়ে টুইটযোগে এইবুলি কয়, "Sworn-in as the 20th Governor of Nagaland today. The Swearing in Ceremony took place in the Dr. Imkongliba Ao hall of Nagaland Raj Bhavan. The Oath of Office of the Governor was administered by Justice Songkhupchung Serto, Judge, Gauhati High Court," ৷