অসম

assam

ETV Bharat / bharat

25 জুলাইৰ পৰা মুকলি হ’ব জগন্নাথ মন্দিৰৰ দ্বাৰ - covid vaccine

পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰৰ দ্বাৰ ৰথযাত্ৰাৰ দুদিন পিছত অৰ্থাৎ ২৫ জুলাইত ভক্তৰ বাবে মুকলি কৰা হ'ব ৷ মন্দিৰ কৰ্তৃপক্ষৰ মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰে প্ৰকাশ কৰা অনুসৰি ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু ভগৱান জগন্নাথ ২৩ জুলাইত ন দিনীয়া ৰথ যাত্ৰা উৎসৱৰ পিচত মন্দিৰলৈ উভতি আহিব ৷ ইয়াৰ পাচতহে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰাৰ সুযোগ পাব ৷

jagannath-temple-will-open-for-public-on-july-25-two-days-after-the-rath-yatra
জগন্নাথ মন্দিৰৰ দুৱাৰ ৰথ যাত্ৰাৰ দুদিন পিচত ভক্তৰ বাবে মুকলি কৰা হ'ব

By

Published : Jun 17, 2021, 10:20 AM IST

নেশ্যনেল ডেস্ক, 17 জুন : পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰ ২৫ জুলাইৰ পৰা ভক্তৰ বাবে মুকলি কৰা হ'ব ৷ জগন্নাথ মন্দিৰ প্ৰশাসনৰ(এছজেটিএ) বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা কথা মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰে জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে তেখেতে কয় যে, এই মন্দিৰ ১৫ জুনলৈকে ভক্তসকলৰ বাবে বন্ধ কৰা হৈছিল যদিও কৰ’ণা সংক্ৰমণৰ বাবে এই সময়সীমা ২৫ জুলাইলৈ বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে, ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু ভগৱান জগন্নাথ ২৩ জুলাইত ন দিনীয়া ৰথ যাত্ৰা উৎসৱৰ পিচত মন্দিৰলৈ উভতি আহিব ৷ ইয়াৰ পাচতহে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰাৰ সুযোগ পাব ৷ অৱশ্যে এই ক্ষেত্ৰত কুমাৰে কৈছিল যে, এছজেটিএ ২৪ বা ২৫ জুলাইত পুনৰ বৈঠকত মিলিত হ'ব আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাইজক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্ত ল'ব ।

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ক’ভিড-19 নিৰ্দেশনা মানি চলি 24 জুনত স্নান যাত্ৰা (স্নান উৎসৱ) আৰু 12 জুলাইত ৰথ যাত্ৰা অনুষ্ঠিত কৰা হ'ব । সুৰক্ষা কৰ্মীৰ উপস্থিতিত সেৱকসকলৰ অংশগ্ৰহণেৰে ৰথ যাত্ৰা অনুষ্ঠিত কৰা হ'ব । মন কৰিবলগীয়া কথা এয়ে যে, ৰথযাত্ৰাত অংশগ্ৰহণ কৰা সেৱকসকলে ক’ভিড টীকাকৰণৰ দুয়োটা পালিৰ প্ৰমাণপত্ৰ বা ক’ভিড নেতিবাচক প্ৰতিবেদন মন্দিৰ কৰ্তৃপক্ষক দাখিল কৰিব লাগিব । এই সন্দৰ্ভত জিলা উপায়ুক্ত সমৰ্থ বাৰ্মাই কয় যে, উৎসৱৰ সময়ত পুৰীত ক’ভিড সম্পৰ্কীয় নিষেধাজ্ঞা জাৰি কৰা হ'ব ।

এছজেটিএ এখন পৃথক সভাত জগন্নাথ মন্দিৰৰ আঠখন দুৱাৰত ৰূপালী আৱৰণ আগবঢ়োৱাৰ বাবে দুখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে ৷ এই ৰূপালী দুৱাৰ তৈয়াৰৰ বাবে এজন দাতাই ৰূপ প্ৰদান কৰিব । য’ত প্ৰায় দুই টন ৰূপ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰীৰ বাবে দেশবাসী লজ্জিত:ডি কে শিৱকুমাৰ

ABOUT THE AUTHOR

...view details