অসম

assam

ETV Bharat / bharat

ভক্তৰ বাবে পুনৰ মুকলি হ'ব পুৰীৰ জগন্নাথ মন্দিৰ - ভক্তক আদৰিবলৈ সাজু পুৰীৰ জগন্নাথ মন্দিৰ

পুনৰ ভক্তক আদৰিবলৈ সাজু পুৰীৰ জগন্নাথ মন্দিৰ(Jagannath Temple) ৷ 16 আগষ্টৰ পৰা মুকলি কৰা হ'ব জগন্নাথ মন্দিৰ ৷ অৱশ্যে 23 আগষ্টৰ পৰাহে ভক্তক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ৷

Jagannath Temple in Puri to re-open for devotees on August 16
ভক্তৰ বাবে পুনৰ মুকলি হ'ব পুৰীৰ জগন্নাথ মন্দিৰ

By

Published : Aug 5, 2021, 8:31 AM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট : ভক্তক আদৰাৰ বাবে পুনৰ সম্পূৰ্ণৰূপে সাজু হৈছে পুৰীৰ(Puri) জগন্নাথ মন্দিৰ(Jagannath Temple ) ৷ 16 আগষ্টৰ পৰা মন্দিৰ মুকলি কৰাৰ পৰিৱৰ্তে 23 আগষ্টৰ পৰা ভক্ত সকলক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৷ জগন্নাথ মন্দিৰ প্ৰশাসনৰ(Jagannath Temple Administration) মুখ্য প্ৰশাসক কৃষণ কুমাৰে বুধবাৰে এই কথা জানিবলৈ দিয়ে ৷

মন্দিৰ প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি, সোমবাৰৰ পৰা শুকুৰবাৰলৈ ভক্তৰ দৰ্শনৰ বাবে মন্দিৰ খোলা থাকিব ৷ অৱশ্যে মন্দিৰ খোলাৰ পাচত প্ৰথম পাঁচদিন কেৱল পুৰীবাসীকহে দৰ্শনৰ অনুমতি দিয়া হ'ব ৷ মন্দিৰ প্ৰশাসনৰ লগতে Chhatisa Niyogৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে বুলি কৃষণ কুমাৰে সদৰী কৰে ৷

উল্লেখ্য যে, মন্দিৰত দৰ্শনৰ বাবে RT-PCR test অথবা ক'ভিড প্ৰতিষেধক(COVID-19 vaccination) গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক ৷ মন্দিৰ পুনৰ মুকলি কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিবলৈ দি মন্দিৰৰ মুখ্য প্ৰশাসক গৰাকীয়ে কয় যে, মন্দিৰৰ সন্মুখভাগত দৰ্শনাৰ্থীৰ বাবে চালি নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে আৰু সময়মতে ইয়াক সম্পূৰ্ণ কৰা হ'ব ৷

লগতে পঢ়ক:পুৰী ভ্ৰমণ কৰা 12খন ৰাজ্যৰ পৰ্যটকলৈ নিৰ্দেশনা ওড়িশা চৰকাৰৰ

ABOUT THE AUTHOR

...view details