অসম

assam

ETV Bharat / bharat

Vivekananda Reddy murder case : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী চিবিআইৰ - CBI seeks Avinash Reddy custody

বিবেকানন্দ ৰেড্ডীৰ হত্যাকাণ্ড সন্দৰ্ভত চিবিআইৰ গুৰুত্বপূৰ্ণ ঘোষণা (CBI on Vivekananda murder case)। বিবেকাৰ ব্যক্তিগত সহায়কে জনোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে মৃত্যুৰ তথ্য লাভ কৰিছিল । ৱাই এছ জগনমোহনে কেনেকৈ পালে এই তথ্য ? তাৰ তদন্ত বিচাৰি আদালতত আবেদন চিবিআইৰ ।

Vivekananda Reddy murder case
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী চিবিআইৰ

By

Published : May 27, 2023, 12:56 PM IST

নেশ্যনেল ডেস্ক,২৭ মে':অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন সাংসদ বিবেকানন্দ ৰেড্ডীৰ হত্যাকাণ্ডৰ নতুন মোৰ (MP Vivekananda Reddy murder case)। এইবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনাইছে চিবিআইয়ে । চিবিআইয়ে তেলেংগানা উচ্চ ন্যায়ালয়ক জনাইছে যে মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীয়ে পূৰ্বেই লাভ কৰিছিল বিবেকানন্দ ৰেড্ডীৰ মৃত্যুৰ খবৰ ।

বিবেকানন্দ ৰেড্ডীৰ ব্যক্তিগত সহায়ক এম ভি কৃষ্ণ ৰেড্ডীয়ে ২০১৯ চনৰ ১৫ মাৰ্চৰ পুৱা ৬.১৫ বজাত ৰেড্ডীৰ হত্যাৰ খবৰ বিশ্ববাসীক জনাইছিল । চিবিআইয়ে দাবী কৰা মতে তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ হাতত এই হত্যাৰ তথ্য আছিল । যাৰ বাবে চিবিআইয়ে আদালতক কৈছে যে ৱাই এছ জগনমোহনে কেনেকৈ বিবেকানন্দৰ হত্যাৰ বিষয়ে তথ্য লাভ কৰিছিল তাৰ তদন্ত কৰিব লাগে (CBI urges probe against YS Jaganmohan) আৰু ইয়াৰ বাবে সাংসদ অবিনাশ ৰেড্ডীকো জিম্মাত লৈ সোধা-পোছা কৰিব লাগিব ।

আদালতক অবিনাশ ৰেড্ডীৰ আগতীয়া জামিন আবেদন খাৰিজ কৰিবলৈ আহ্বান জনাই চিবিআইয়ে কয় যে যেতিয়া আইপিডিআৰ (ইণ্টাৰনেট প্ৰটোকল বিতং ৰেকৰ্ড)ৰ জৰিয়তে কাডাপা সাংসদৰ ফোন পৰীক্ষা কৰা হৈছিল, তেতিয়া বিবেকানন্দৰ হত্যাকাণ্ডৰ পুৱা ৪.১১ বজাত তেওঁ হোৱাটছএপত সক্ৰিয় আছিল বুলি প্ৰকাশ পাইছে । সংস্থাটোৱে কয় যে সাংসদ অবিনাশ উক্ত হত্যাকাণ্ডৰ পূৰ্বে আৰু পিছতো সক্ৰিয় আছিল আৰু জগন ৰেড্ডীক বিবেকানন্দৰ মৃত্যুৰ বিষয়ে অৱগত কৰাত তেওঁৰ সন্দেহজনক ভূমিকাৰ তদন্ত কৰিব লাগে ।

চিবিআইয়ে কয় যে হত্যাৰ গোচৰৰ দ্বিতীয় জন অভিযুক্ত ৱাই সুনীল যাদৱ বিবেকানন্দৰ হত্যাৰ পাচত মাজনিশা ১.৫৮ বজাত অবিনাশ ৰেড্ডীৰ ঘৰত উপস্থিত আছিল আৰু তাৰ উপৰিও অবিনাশে হোৱাটছএপ ভইচ কল কৰিছিল, সেয়েহে সাংসদজনক আৰক্ষীৰ জিম্মাত জেৰা কৰাটো প্ৰয়োজনীয় আছিল (CBI seeks Avinash Reddy custody)।

অবিনাশ ৰেড্ডীয়ে দাখিল কৰা আগতীয়া জামিন আবেদনৰ বিৰুদ্ধে শুকুৰবাৰে তেলেংগানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা চিবিআইয়ে কয় যে পূৰ্বে অবিনাশ ৰেড্ডীয়ে অপ্ৰত্যাশিত উত্তৰ দিছিল আৰু তদন্তত সহযোগিতা কৰা নাছিল আৰু তেওঁ হত্যাৰ আঁৰৰ ষড়যন্ত্ৰ উন্মোচন কৰিবলৈ আগবাঢ়ি অহা নাছিল । চিবিআইয়ে দাবী কৰা মতে অবিনাশ ৰেড্ডী ২০১৯ চনৰ ১৪ মাৰ্চৰ নিশা ১২.২৭ ৰ পৰা ১.১০ লৈ হোৱাটছএপত সক্ৰিয় আছিল আৰু তেওঁ হোৱাটছএপ কলও কৰিছিল ।

চিবিআইয়ে আদালতক কয় যে ১৫ মে'ত অবিনাশ ৰেড্ডীক চিআৰপিচিৰ ১৬০ ধাৰাৰ অধীনত এখন জাননী জাৰি কৰা হৈছিল য'ত তেওঁক তদন্তৰ বাবে ১৬ মে'ৰ পুৱা ১১ বজাত হাজিৰ হ'বলৈ কোৱা হৈছিল । কিন্তু তেওঁ উপস্থিত হোৱা নাছিল আৰু কৈছিল যে তেওঁক ৪ দিনৰ প্ৰয়োজন ।যাৰ বাবে, ১৬ তাৰিখে আন এখন জাননী জাৰি কৰা হৈছিল য'ত তেওঁক ১৯ তাৰিখে পুৱা ১১ বজাত উপস্থিত থাকিবলৈ কোৱা হৈছিল, কিন্তু তেওঁ উপস্থিত নাছিল । তেওঁ কৈছিল যে তেওঁৰ মাতৃৰ স্বাস্থ্য ভাল নহয় ।

১৯ মে'ত অবিনাশ ৰেড্ডী হায়দৰাবাদত আছিল আৰু তেওঁৰ মাতৃৰ অসুস্থতাৰ অজুহাতত তদন্তত উপস্থিত হোৱা নাছিল । ২২ মে'ত চিবিআইৰ সন্মুখত হাজিৰ হ'বলৈ তেওঁৰ বিৰুদ্ধে আন এখন জাননী জাৰি কৰা হৈছিল ।

চিবিআইয়ে উল্লেখ কৰা মতে ২২ মে'ত চিবিআইৰ এটা দলে অবিনাশ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিবলৈ কুৰ্ণুলৰ বিশ্বভাৰতী চিকিৎসালয়লৈ ৰাওনা হৈছিল । কিন্তু অবিনাশৰ সমৰ্থকসকলে একত্ৰিত হৈ পথ অৱৰোধ কৰিছিল । উচ্চতম ন্যায়ালয়ে ৩০ জুনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে, কিন্তু অবিনাশ ৰেড্ডীয়ে তদন্তত ইচ্ছাকৃতভাৱে বাধাৰ সৃষ্টি কৰিছে । এই কাৰণবোৰৰ বাবে, আগতীয়া জামিন আবেদন খাৰিজ কৰিবলৈ চিবিআইয়ে আদালতক আহ্বান জনাইছে । যদি জামিন আৱেদন খাৰিজ কৰা হয় তেনেহ'লে তদন্ত ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলিও চিবিআইয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Violation hit Manipur : মণিপুৰৰ 38 টা স্পৰ্শকাতৰ এলেকাত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন

ABOUT THE AUTHOR

...view details