অসম

assam

ETV Bharat / bharat

Karnataka Election 2023: বিজেপিয়ে মোক নিৰাশ কৰিলে; কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ বিজেপি ত্যাগ - বি এছ য়েদিয়ুৰাপ্পা

আজি কংগ্ৰেছ দলত যোগদান কৰে বিজেপি দলৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে ৷ টুইটাৰ যোগে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ৷ যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি দলটোৰ বহু কৰ্ম-কৰ্তা উপস্থিত থাকে (Ex CM Jagadish Shettar Quit BJP) ৷

Karnataka Election 2023
Karnataka Election 2023

By

Published : Apr 17, 2023, 10:29 AM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল :আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিলেকৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে ৷টিকট বঞ্চিত হৈ গেৰুৱা দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলকৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাজ্যখনত ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ৷ উক্ত নিৰ্বাচনৰ টিকট লাভ নকৰা বাবেই বিজেপিৰ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপিৰ জেষ্ঠ ৰাজনৈতিক নেতাজনে (Congress MLA quits BJP)।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে আজি বেংগালুৰুৰ দলীয় কাৰ্যালয়ত কংগ্ৰেছ দলত যোগদান কৰে ৷ দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ আৰু কংগ্ৰেছ নেতা ৰনদীপ সুৰজেৱালা, সিদ্ধাৰমাইয়া উপস্থিতি থাকে উক্ত যোগদান কাৰ্যসূচীত (Ex CM Jagadish Shettar Quit BJP) ।

উল্লেখ্য় যে, টিকট নোপোৱাত ক্ষোভিত হৈ ৬৭ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকীয়ে উত্তৰ কানাড়া জিলাৰ চিৰচীত বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীৰ ওচৰত দাখিল কৰিছিল পদত্যাগ পত্ৰ । ইয়াৰ পিচতেই শ্বেট্টাৰে তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰিব বুলি জানিবলৈ দিয়ে । বিজেপি দললৈ তেওঁৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰি ন-কংগ্ৰেছী জগদীশ শ্বেট্টাৰে দলটোৰ নেতাসকলে তেওঁক বুজি পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে (Jagadish Shettar announces resignation) ।

দলীয় একাংশ নেতাই তেওঁক উপেক্ষা কৰিছে বুলি ক্ষোভ ব্যক্ত কৰে প্ৰাক্তন জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কয় । ইয়াৰোপৰি, কিছুসময় পূৰ্বে টুইটাৰত নতুন ৰাজনৈতিক যাত্ৰা সম্বন্ধে অনুভৱ ব্যক্ত কৰি কয় যে, কালি বিজেপি এৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলোঁ । বিজেপি দলৰ এজন বিৰোধী নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি কংগ্ৰেছত যোগদান কৰাত বহুতেই আচৰিত হৈছে । বিজেপিয়ে মোক প্ৰতিটো পদ দিছে আৰু দলৰ কৰ্মী হোৱাৰ বাবে মই সদায় দলৰ বৃদ্ধিৰ বাবে কাম কৰিছিলো বুলি টুইটটোত উল্লেখ কৰে জগদীশ শ্বেট্টাৰে (Jagadish Shettar announces resignation) ।

ইয়াৰোপৰি, আন এক টুইটত দলটোৰ জেষ্ঠ নেতা হিচাপে নিৰ্বাচনী টিকট লাভ কৰিব বুলি আশা কৰিছিল যদিও লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰে জগদীশ শেট্টাৰে । ইয়াৰ বিপৰীতে, বি এছ য়েদিয়ুৰাপ্পাই কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় টিকট বঞ্চিত জেষ্ঠ নেতা জগদীশ শ্বেট্টাৰক (B S Yediyurappa slams Jagadish Shettar) ৷

লগতে পঢ়ক :Karnataka Election 2023: বিজেপি ত্যাগী জগদীশ শ্বেট্টাৰক উভতি ধৰিলে বি এছ য়েদিয়ুৰাপ্পাই

ABOUT THE AUTHOR

...view details