নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: মধ্য প্ৰদেশৰ জবলপুৰ উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে ন্যায়ালয়ৰ চৌহদ(Lawyer committed suicide) ৷ অধিবক্তাজনৰ মৃতদেহটো লৈ তেওঁ সহকৰ্মী অধিবক্তাসকলে উচ্চ ন্যায়ালয়ত উপস্থিত হয় (Madhya Pradesh Jabalpur High Court ) ৷ অধিবক্তাসকলে মুখ্য ন্যায়াধীশৰ সন্মুখত মৃতদেহ ৰাখি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে (Chief Justice of MP High Court) ৷ অধিবক্তাসকল ইয়াতে ক্ষান্ত নাথাকি বাৰ কাউন্সিলৰ চেম্বাৰত অগ্নিও সংযোগ কৰে ৷
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । জানিব পৰা মতে, এগৰাকী মহিলা কনিষ্টবলক বলাৎকাৰৰ গোচৰত পলাতক হৈ থকা অভিযুক্ত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ আয়াচীক বিৰুদ্ধে ন্যায়াধীশ সঞ্জয় দ্বিবেদীৰ আদালতত গোচৰটো চলি আছিল । সন্দীপ আয়াচীৰ জামিন সন্দৰ্ভত ভুক্তভোগীৰ অধিবক্তা অনুৰাগ চাহু আৰু ধৰ্ষণৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ অধিবক্তা মনীষ দত্তৰ মাজত তৰ্ক হৈছিল ।