নেশ্যনেল ডেস্ক,17 জুন : জম্মু-কাশ্মীৰ ভাৰতবৰ্ষৰ এক অভিন্ন অংগ ৷ এই বাস্তৱক কোনেও সলনি কৰিব নোৱাৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Pakistan Foreign Minister)য়ে সংযুক্ত ৰাষ্ট্ৰৰ দুই শীৰ্ষ বিষয়াক এক পত্ৰ প্ৰেৰণৰ পাচত ভাৰতীয় বৈদেশিক মন্ত্ৰালয় (MEA)য়ে এই কথা সদৰি কৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে পত্ৰখনত উত্থাপন কৰা অভিযোগ অনুসৰি, নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ ভৌগলিক সীমাৰেখাৰ আৰ্হি সলনি কৰিছে ৷
বৈদেশিক মন্ত্ৰলায়ৰ মুখপাত্ৰ অৰিন্দম বাগছী (Arindam Bagchi)য়ে কয় যে, কোনেও সীমান্তৰ সন্ত্ৰাসবাদীক গ্ৰহণযোগ্য বুলি মানি ল’ব নোৱাৰে ৷ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্বাহ মাহমুদ কুৰেচী (Shah Mahmood Qureshi)য়ে সংযুক্ত ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত এইদৰে প্ৰত্যুত্তৰ দিয়ে মুখপাত্ৰ অৰিন্দম বাগছীয়ে ৷ পত্ৰখনত মন্ত্ৰী মাহমুদ কুৰেচীয়ে অভিযোগ উত্থাপন কৰে যে, ভাৰতে বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰ (Domicile Certificate) জাৰি কৰি কাশ্মীৰবাসীৰ ৰাষ্ট্ৰীয় পৰিচয় সলনি কৰিছে ৷