নেশ্যনেল ডেস্ক, ৬ মে': বৃহস্পতিবাৰে পুৱাই দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ফলত তিনিজন সন্ত্ৰাসবাদী নিহত হয় । আনহাতে নৱনিযুক্ত এজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে ।
নিহত সন্ত্ৰাসবাদীকেইজন আল বাদ্ৰা সন্ত্ৰাসবাদী সংগঠনৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা অনুসৰি, আত্মসমৰ্পণ কৰা সন্ত্ৰাসবাদীজন তৌচিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে ।