নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: জম্মু-কাশ্মীৰ প্ৰশাসনে বৈষ্ণো দেৱী(Vaishno Devi) মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰীয় শাসিত অঞ্চলটোত যাতে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ বৃদ্ধি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । এই নতুন নিৰ্দেশনা অনুসৰি, তীৰ্থযাত্ৰীৰ ক'ভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোত উপস্থিত হোৱাৰ ৭২ ঘণ্টাতকৈ অধিক সময়ৰ পূৰ্বৰ হ'লে সেয়া গ্ৰহণযোগ্য নহ'ব ।
৭২ ঘণ্টাৰ ভিতৰত কৰা আৰটি-পিচিআৰ/ৰেপিড এণ্টিজেন পৰীক্ষাৰ প্ৰমাণপত্ৰ থাকিলেহে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে । অন্যথা পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব আৰু ক'ভিড সম্পৰ্কীয় লক্ষণ নথকা তীৰ্থযাত্ৰীকহে মন্দিৰ দৰ্শনৰ অনমতি দিয়া হ'ব বুলি প্ৰশাসনে জনাইছে । লগতে জম্মু-কাশ্মীৰৰ মুখ্য সচিবৰ স্বাক্ষৰ সম্বলিত এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, তীৰ্থযাত্ৰীয়ে ক'ভিড প্ৰট'কল মাানি চলিব লাগিব ।