অসম

assam

ETV Bharat / bharat

12 dead at Mata Vaishno Devi Temple : কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ - কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ

শনিবাৰে কাটৰাস্থিত বৈষ্ণো দেৱী মন্দিৰত সংঘটিত অঘটন ৷ অত্যাধিক ভীৰৰ বাবে পদপিষ্ট (Vaishno Devi stampede) হৈ মৃত্যু 12 গৰাকী ভক্তৰ (Six dead at Mata Vaishno Devi Temple) ৷ কিন্তু কিহৰ বাবে পদপিষ্টৰ ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

Six killed in Mata Vaishno Devi
কাটৰাত মাতা বৈষ্ণো দেৱী দৰ্শনত পদপিষ্ট হৈ মৃত্যু ছজনৰ

By

Published : Jan 1, 2022, 7:17 AM IST

Updated : Jan 1, 2022, 7:48 AM IST

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম পুৱাতে এটি শোকৰ খবৰ ৷ জম্মু-কাশ্মীৰৰ কাটৰাস্থিত মা বৈষ্ণো দেৱী মন্দিৰত ঘটিছে এটি শোকাৱহ দুৰ্ঘটনা ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত মন্দিৰটোত অভাৱনীয় ভীৰ হৈছিল ভক্তগণৰ ৷

কিন্তু দু্ৰ্ভাগ্যৰ বিষয়, অধিক জনসমাগম হোৱাৰ বাবে বহুলোক পদপিষ্ট (Vaishno Devi stampede) হৈ আঘাতপ্ৰাপ্ত হৈছে ৷ শনিবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা ৷ এই শোকাৱহ ঘটনাৰ ফলত নিহত হৈছে 12 গৰাকী ভক্ত (Six dead at Mata Vaishno Devi Temple) ৷ নিহতসকলৰ অধিকাংশ দিল্লী, হাৰিয়ানা, পঞ্জাৱৰ হোৱাৰ লগতে এগৰাকী জম্মু-কাশ্মীৰৰ বুলি জানিব পৰা গৈছে ৷ তদুপৰি আহত হৈছে প্ৰায় 20 গৰাকী লোক ৷ ৰিয়াচি চহৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই কথা ৷

আহতক নাৰায়ণা চিকিৎসালয়ত ভৰ্তি

উল্লেখ্য যে, স্থানীয় স্বাস্থ্য সেৱা কেন্দ্ৰৰ চিকিৎসক ডাঃ গোপাল দত্তই সদৰী কৰা অনুসৰি, নিহত লোকসকলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে চিকিৎসালয়লৈ মৃতদেহসমূহ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ লগতে আহতসকলক মন্দিৰৰ সমীপৰ নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা জাৰি কৰিছে চিকিৎসকগৰাকীয়ে ৷ সম্প্ৰতি চিকিৎসাধীন হৈ থকা অধিকাংশৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ কিন্তু কিহৰ বাবে পদপিষ্টৰ ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে এই ঘটনাৰ শোকপ্ৰকাশ কৰে ৷ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই এই ঘটনাৰ শোকপ্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ 10 লাখ টকা আৰু আহতৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে ৷

লগতে পঢ়ক:Encounter in Srinagar : শ্ৰীনগৰ নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত

Last Updated : Jan 1, 2022, 7:48 AM IST

ABOUT THE AUTHOR

...view details