নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: জম্মু-কাশ্মীৰ কুলগামৰ ৪৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আই ই ডি উদ্ধাৰ । বৃহস্পতিবাৰে কুলগামৰ খুদৱানীৰ টুৰ্ক টাচল' অঞ্চলত নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে আই ই ডিটো প্ৰথমে প্ৰত্যক্ষ কৰে । পিছত সফলতাৰে আই ই ডিটো নিষ্ক্ৰীয় কৰা হয় ।
জম্মু-কাশ্মীৰৰ কুলগামত আই ই ডি উদ্ধাৰ - আই ই ডি নিষ্ক্ৰীয়
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ কুলগামৰ ৪৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হ'ল এটা আই ই ডি । সম্প্ৰতি নিষ্ক্ৰীয় কৰা হৈছে আই ই ডিটো ।
কুলগামৰ ৰাষ্ট্ৰীয় ঘাইপথত আই ই ডি উদ্ধাৰ
আনহাতে, আই ই ডি উদ্ধাৰৰ পিছতে উক্ত পথেৰে যাতায়াত বন্ধ কৰি দিয়া হয় । উল্লেখ্য যে, কুলগামৰ ৪৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সঘনাই বহু ভি আই পি আৰু সেনাৰ উচ্চ পদস্থ বিষয়াই যাতায়াত কৰে ।
লগতে পঢ়ক:৫৭৭ জন শিক্ষকৰ মৃত্যু: নিৰ্বাচনী আয়োগৰ কাষ চাপিল ইউনিয়ন