অসম

assam

ETV Bharat / bharat

Manoj Sinha in controversy : মহাত্মা গান্ধীৰ কোনো ডিগ্ৰী নাছিল বুলি কৈ বিতৰ্কত মনোজ সিনহা - মহাত্মা গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন

মহাত্মা গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰি বিতৰ্কত জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা (Gandhi educational qualification controversy)। তেওঁৰ মতে গান্ধীৰ একমাত্ৰ অৰ্হতা আছিল হাইস্কুলৰ ডিপ্ল’মা । তেওঁৰ জীৱনত সততাই মূল আছিল বুলিও সিনহাই গান্ধীক প্ৰশংসা কৰে ।

Manoj Sinha in controversy
মহাত্মা গান্ধীৰ কোনো ডিগ্ৰী নাছিল বুলি কৈ বিতৰ্কত মনোজ সিনহা

By

Published : Mar 24, 2023, 9:30 PM IST

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :"মহাত্মা গান্ধীৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাই । তেওঁৰ একমাত্ৰ অৰ্হতা আছিল হাইস্কুলৰ ডিপ্ল’মা । তেওঁ আইনৰ অনুশীলন কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল কিন্তু আইনৰ ডিগ্ৰী নাছিল ।" এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ (Manoj Sinha on Mahatma Gandhi degree)। মহাত্মা গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈ এই বিতৰ্কিত মন্তব্য কৰি এতিয়া চৰ্চাত লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা । সম্প্ৰতি তেওঁৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে ।

সিনহাই বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ গোৱালিয়ৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰিছিল । তেওঁ কৈছিল যে মহাত্মা গান্ধীৰ কোনো আনুষ্ঠানিক আইনৰ ডিগ্ৰী নাই । তেওঁৰ মতে এটা ভুল ধাৰণা আছে যে গান্ধীজীৰ আইনৰ ডিগ্ৰী আছিল । তেওঁৰ যিহেতু কোনো ডিগ্ৰী নাছিল সেয়ে তেওঁ কিমান শিক্ষিত আছিল বুলিও কথাৰ প্ৰসংগত প্ৰশ্ন কৰিছিল (Jammu and Kashmir LG controversial speech)।

বহু লোকে এই সত্যৰ বিৰোধিতা কৰিব পাৰে বুলি স্বীকাৰ কৰি সিনহাই লগতে কয় যে গান্ধীৰ কোনো আনুষ্ঠানিক আইনৰ ডিগ্ৰী নাই বুলি তেওঁ নিশ্চিত । সিনহাৰ মতে, শিক্ষাৰ সৈতে ডিগ্ৰীৰ কোনো সম্পৰ্ক নাই । তেওঁ লগতে কয় যে সত্য গান্ধীজীৰ জীৱনৰ কেন্দ্ৰবিন্দু আছিল আৰু তেওঁ কেতিয়াও ইয়াক আন কোনো বস্তুৰ বাবে ত্যাগ কৰা নাছিল (Jammu and Kashmir LG praises Gandhi)।

গান্ধীয়ে ৰাষ্ট্ৰৰ বাবে বহুতো কাম কৰিছিল কিন্তু তাৰ ভিতৰত সততা তেওঁ লাভ কৰা সকলোবোৰৰ ভিতৰত মূল আছিল । সিনহাই লগতে কয় যে ইয়াৰ বাবেই তেওঁক ৰাষ্ট্ৰৰ পিতৃ বুলি কোৱা হৈছিল । সিনহাৰ মতে যদি গান্ধীৰ জীৱনৰ সকলো দিশ লক্ষ্য কৰা হয় তেন্তে তেওঁৰ জীৱনত সত্যৰ বাহিৰে আন একোৱে নাছিল । প্ৰত্যাহ্বান যিয়েই নহওঁক, মহাত্মা গান্ধীয়ে কেতিয়াও সত্যৰ পথ এৰি দিয়া নাছিল ।

উল্লেখ্য যে মহাত্মা গান্ধীয়ে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল বুলি জনা যায় (Mahatma Gandhi law degree)। গান্ধীৰ কিতাপ 'দ্য ল এণ্ড দ্য লয়াৰ্ছ'ৰ প্ৰথম শাখাটোৰ শীৰ্ষক হৈছে 'আইনৰ ছাত্ৰ হিচাপে গান্ধীজী' আৰু দ্বিতীয় শাখাত শিৰোনাম আছে 'উকীল হিচাপে গান্ধী'।

লগতে পঢ়ক :Rahul Gandhi conviction: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জৰুৰী বৈঠক আহ্বান

ABOUT THE AUTHOR

...view details