নেশ্যনেল ডেস্ক, ২৯ জুন:এটাৰ পিছত আনটো বিতৰ্কত সোমাই পৰিছে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰ (Twitter)। এইবাৰ ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শনকলৈ দেশবাসীৰ সমালোচনাৰ সন্মুখীন টুইটাৰ কতৃপক্ষ । শেহতীয়াকৈ এক মানচিত্ৰৰ জৰিয়কে টুইটাৰে (Twitter) লাডাখ আৰু জম্মু-কাশ্মীৰক এখন পৃথক দেশ হিচাপে দেখুৱাইছে । টুইটাৰ এনে কাৰ্যৰ পিছতে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আদি । কংগ্ৰেছ দলেও তীব্ৰ সমালোচনা কৰে আৰু কেন্দ্ৰীয় চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শক্তিসিংহ গোহিলে (Shaktising Gohali) কয় যে জম্মু-কাশ্মীৰ আমাৰ দেশৰ এক অবিচ্ছেদ্য অংগ আৰু আমি কেতিয়াও এই বিষয়ত আপোচ কৰা নাই । এইটো এক পৰিকল্পনা হওঁক বা ভুল হওঁক । দেশৰ নিজা আইন আছে । সাংসদগৰাকীৰ মতে চৰকাৰে এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছ দলেও তাক সমৰ্থন জনাব ।
ভাৰতৰ এই বিকৃত মানচিত্ৰ টুইপ লাইফ শীৰ্ষক এক পেজৰ কেৰিয়াৰ শাখাৰ অধীনত কোম্পানীৰ ৱেবছাইটত উপলব্ধ আছিল । ইয়াৰ লগে লগে দ্বিতীয়বাৰৰ বাবে টুইটাৰে ভাৰতৰ মানচিত্ৰক ভুল ব্যাখ্যা কৰিছে ।
২০২০ চনৰ অক্টোবৰত লেহক চীনৰ এটা অংশ হিচাপে দেখুৱাইছিল টুইটাৰে (Twitter) যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লেহক জিঅ'টেগ কৰাৰ বাবে জাননী প্ৰদান কৰিছিল । তথ্য প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য তথা সাংসদ গোহিলে কয় যে চৰকাৰে নিজৰ কাৰ্যপন্থা অনুসৰণ কৰা উচিত । অৱশ্যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো (Narendra Modi) আক্ৰমণ কৰা দেখা যায় । তেওঁ কয় যে মোডী একমাত্ৰ নেতা যিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ত টুইটাৰ (Twitter)ক প্ৰশংসা কৰিছিল । যিহেতু সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল সেয়ে টুইটাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাটো তেওঁৰ বাবে সুবিধাজনক আছিল ।
কিন্তু এতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে (Twitter) মোডী চৰকাৰৰ বিৰুদ্ধে গৈ আছে সেয়ে মোডীয়ে ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰি আছে বুলিও অভিযোগ কৰে সাংসদ গোহলিয়ে । টুইটাৰে কিছু দিনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ (Donald Trump) একাউণ্টটো বন্ধ কৰি দিছিল । সাংসদগৰাকীৰ মতে কোনো সামাজিক মাধ্যমৰ মঞ্চ স্বেচ্ছাচাৰী হ'ব নালাগে । কিন্তু এজন টুইটাৰ ব্যৱহাৰকাৰীয়েও কোনো চৰ্তাৱলী আৰু নিয়ম উলংঘন কৰাৰ পৰা বিৰত থাকিব লাগে বুলিও উল্লেখ কৰে সাংসদ গোহলিয়ে ।
লগতে পঢ়ক:টুইটাৰৰ বিৰুদ্ধে ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগ