অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৮ খন জিলাত নৈশ সান্ধ্য আইন জাৰি - নৈশ সান্ধ্য আইন

দেশৰ ভিন্ন প্ৰান্তত ক্ৰমান্বয়ে বৃদ্ধি পাইছে COVID-১৯ৰ সংক্ৰমণ । কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰৰ ৮ খন জিলাত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন । জম্মু, শ্ৰীনগৰ, উধমপুৰ, বাৰামুল্লা, কথুৱা, অনন্তনাগ, বুদগাম আৰু কুপৱাৰাত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ।

কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত জম্মু-কাশ্মীৰৰ ৮ খন জিলাত নৈশ সান্ধ্য আইন জাৰি
কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত জম্মু-কাশ্মীৰৰ ৮ খন জিলাত নৈশ সান্ধ্য আইন জাৰি

By

Published : Apr 9, 2021, 12:51 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: COVID-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বেই সতৰ্কতা অৱলম্বন কৰি জম্মু-কাশ্মীৰৰ ৮ খন জিলাত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন । শুক্ৰবাৰে নিশাৰ পৰা জম্মু, শ্ৰীনগৰ, উধমপুৰ, বাৰামুল্লা, কথুৱা, অনন্তনাগ, বুদগাম আৰু কুপৱাৰাত সান্ধ্য আইন বলৱৎ হ'ব ।

এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে, চিকিৎসক, স্বাস্থ্যকৰ্মীৰ সকলো ছুটী বাতিল কৰা হৈছে । জম্মুৰ জি জি এম বিজ্ঞান মহাবিদ্যালয় আৰু সংস্কৃত বিশ্ববিদ্যালয়ৰ চাৰিওফালৰ অঞ্চলবোৰক মাইক্ৰ'-কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

লগতে প্ৰদৰ্শনী আৰু মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । বিষয়াজনে লগতে কয় যে, নৈশ সান্ধ্য আইন জম্মু, শ্ৰীনগৰ, উধমপুৰ, বাৰামুল্লা, কথুৱা, অনন্তনাগ, বুদগাম আৰু কুপৱাৰাৰ পৌৰ নিগমতে সীমাবদ্ধ থাকিব । শেহতীয়াকৈ, জম্মু-কাশ্মীৰত COVID-১৯ৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

বৃহস্পতিবাৰে ৮৩৫ গৰাকী লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । বৰ্তমান জম্মু-কাশ্মীৰত সক্ৰিয় আক্ৰান্তৰ ঘটনাৰ সংখ্যা ৫,৬২৩ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:উৎকোচ লৈ থকা সময়তে হাতে-লোটে কৰায়ত্ত স্বাস্থ্য বিষয়া

ABOUT THE AUTHOR

...view details