নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামে সোমবাৰে মণিপুৰৰ কুকি-জো সম্প্ৰদায়ৰ বাবে পৃথক প্ৰশাসনৰ দাবী কৰি কয় যে মেইটেইৰ সৈতে সহাবস্থান এক অসম্ভৱ প্ৰস্তাৱ ।
আইটিএলএফৰ মুখপাত্ৰ গিঞ্জা ভুলজঙে কয় যে ন্যায়ৰ নিৰ্বাচিত প্ৰয়োগে তেওঁলোকৰ পৃথক প্ৰশাসনৰ দাবীক অধিক শক্তিশালী কৰে । আইটিএলএফে পৃথক প্ৰশাসনৰ পুনৰ আহ্বান জনাইছে । তেওঁ অভিযোগ কৰা মতে মেইটেইসকলে তেওঁলোকক উপত্যকাৰ পৰা বিতাড়িত কৰিছে আৰু হিংসাৰ সন্মুখীন হৈছে লগতে তেওঁলোকৰ গাঁওবোৰত আক্ৰমণ কৰিছে । সেয়ে সেই মেইটেইসকলৰ সৈতে একলগে থকাৰ প্ৰস্তাৱ অসম্ভৱ বুলি তেওঁ দাবী কৰে ।
তেওঁ দাবী কৰা মতে মণিপুৰ চৰকাৰৰ সহযোগে মেইটইসকলক আইন হাতত তুলি ল'বলৈ উৎসাহিত কৰিছে । তেওঁৰ মতে ৬,০০০ তকৈও অধিক অত্যাধুনিক অস্ত্ৰ আৰু ৫ লাখ ৰাউণ্ডতকৈও অধিক গোলাবাৰুদ আৰামবাই টেংগোল আৰু মেইটেই লীপুনৰ হাতত বিনামূলীয়াকৈ স্থানান্তৰ কৰাটোৱে কুকি-জো সম্প্ৰদায়ৰ বিৰুদ্ধে আক্ৰমণত অধিক ইন্ধন যোগাইছে ।