অসম

assam

By

Published : Dec 6, 2022, 7:12 PM IST

ETV Bharat / bharat

Marriage in Taj Mahal: তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

আগ্ৰাৰ তাজমহলৰ ছাঁত এটি ইটালিয়ান দম্পতিয়ে তেওঁলোকৰ বিয়াৰ ৪০ বছৰ উপলক্ষে হিন্দু ৰীতি-নীতি অনুসৰি পুনৰ বিবাহপাশত আবদ্ধ হয় (Italian couple married again near Taj Mahal) । ইটালীৰ দম্পতিটোৱে তাজমহল দৰ্শন কৰিবলৈ আহিছিল । তেওঁলোকে হিন্দু সংস্কৃতি অনুসৰি তেওঁলোকৰ বিবাহ বাৰ্ষিকী উদযাপন কৰিব বিচাৰিছিল ।

Taj Mahal
Taj Mahal

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : প্ৰেমৰ প্ৰতীকৰ সন্মুখত নিজৰ প্ৰেম অমৰ কৰি ৰাখিবলৈ এক ব্যতিক্ৰমী প্ৰয়াস । প্ৰেমৰ প্ৰতীক তাজমহলক সাক্ষী কৰি বিদেশী দম্পতিয়ে ঘূৰিলে হিন্দু প্ৰথাৰ বিবাহৰ সাতপাক (italian couple married again near Taj Mahal) । ইটালীৰ এটি দম্পতিয়ে আগ্ৰাৰ তাজমহলৰ ওচৰত তেওঁলোকৰ 40 সংখ্যক বিবাহ বাৰ্ষিকীত হিন্দু ৰীতি-নীতি অনুসৰি পুনৰ বিবাহপাশত আবদ্ধ হয় (Italian couple married in hindu customs) ।

তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

লগতে তেওঁলোকে সাত জনমৰ বাবে তেওঁলোকৰ প্ৰেম অমৰ হৈ থাকিবলৈ বৈদিক বিবাহ কৰোৱাৰ কথা কয় । আনহাতে, আগ্ৰাৰ অগণন লোক বৰঘৰীয়া আৰু কইনাঘৰীয়া হৈ এই অনন্য বিবাহৰ সাক্ষী হয় । দম্পতিটোক বিয়া কৰাই দিয়া পণ্ডিত প্ৰবীণ দত্ত শৰ্মাই কয় যে ভাৰতীয়সকলে হয়তো তেওঁলোকৰ সনাতন সংস্কৃতি আৰু মূল্যবোধ পাহৰি গৈছে, কিন্তু আমাৰ মূল্যবোধ বিদেশত পালন কৰা হৈছে (Taj mahal in Agra) ।

উল্লেখ্য, ভাৰতীয় সংস্কৃতি আৰু প্ৰেমৰ প্ৰতীক তাজমহলে সমগ্ৰ বিশ্বক আকৰ্ষিত কৰে (World heritage Taj Mahal) । সাত সাগৰৰ সিপাৰৰ পৰা পৰ্যটকসকলে ভাৰতীয় পৰম্পৰা আৰু বিশ্বাস জানি সাতটা জন্মৰ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰি থাকে । আগ্ৰাৰ তাজমহল ভ্ৰমণ কৰিবলৈ ইটালীৰ পৰা অহা মাউৰো আৰু ষ্টানাফানিয়াই তাজমহলৰ ছাঁত ভাৰতীয় হিন্দু পৰম্পৰাৰ সৈতে তেওঁলোকৰ 40 সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰিব বিচাৰিছিল ।

তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

তাৰ বাবে তেওঁলোকে ভ্ৰমণ আৰু ইভেণ্ট অপাৰেটৰ এমটিএ গ্ৰুপৰ মনীষ শৰ্মাৰ সৈতে যোগাযোগ কৰে । মনীষ শৰ্মাই তাজমহলৰ ওচৰৰ এটা ৰিজ'ৰ্টত বিবাহৰ আয়োজন কৰে । ভাৰতীয় কইনা আৰু দৰাৰ পৰম্পৰাগত পোছাক পিন্ধা দম্পতিটোৱে প্ৰথমতে তাজমহল পৰিদৰ্শন কৰে আৰু তেওঁলোকৰ প্ৰেম সমগ্ৰ জীৱন ধৰি ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

ইয়াৰ পিছত দম্পতিটোৱে আগ্ৰালৈ অহাৰ সময়ত নতুনকৈ বন্ধুত্ব স্থাপন হোৱা তেওঁলোকৰ বন্ধু আৰু স্থানীয় লোকসকলৰ সৈতে ৰিজ'ৰ্টলৈ যায় । তাত চেহনাইৰ সুৰ আৰু ঢোলকৰ তালত নৃত্য কৰে । বিয়াখন স্থানীয় ভ্ৰমণ প্ৰতিষ্ঠান ভাগিদিৰ ব্ৰহ্মদত্ত শৰ্মাই আয়োজন কৰিছিল । পণ্ডিত প্ৰবীণ দত্ত শৰ্মাই বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰে ।

তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

বিদেশী দম্পতিটোৱে একেলগে অগ্নি প্ৰদক্ষিণ কৰে আৰু তাৰ পিছত পতিয়ে তেওঁৰ পত্নীৰ ডিঙিত এডাল মঙ্গলসূত্ৰ শিৰত সিন্দুৰ পিন্ধাই দিয়ে । বিয়াৰ পিছত নতুন দম্পতিটোৱে সকলোৰে সৈতে নৃত্যত অংশগ্ৰহণ কৰে । বিদেশী দম্পতিটোৱে প্ৰকাশ কৰা মতে, তেওঁলোকে ৫ বছৰ ধৰি এনে বিবাহৰ পৰিকল্পনা কৰি আছিল আৰু এতিয়া এই সপোন পূৰণ হৈছে ।

প্ৰণিধানযোগ্য যে তাজমহল প্ৰেমৰ প্ৰতীকৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত (symbol of love Taj Mahal) । যদিও তাজমহল মুছলমান সমাজৰ সৈতে সম্পৰ্কিত, কিন্তু তাৰ ছাঁত হিন্দু ৰীতি-নীতিত বহুতো বিবাহ অনুষ্ঠিত হৈছে । দেশৰ লগতে বিদেশী দম্পতিসকলেও প্ৰেমৰ মুকুটৰ ছাঁত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হ'বলৈ আহি আছে ।

শেহতীয়াকৈ ভাৰতীয় মল্লযোদ্ধা সংগ্ৰাম সিং আৰু অভিনেত্ৰী পায়েল ৰোহতগী, ভাৰতীয় দলৰ ক্ৰিকেটাৰ দীপক চাহাৰ আৰু জয়া ভৰদ্বাজে তাজ চহৰত বিবাহপাশত আবদ্ধ হয় । ইয়াৰ লগতে কেইদিনমান পূৰ্বে আমেৰিকা আৰু মেক্সিকোৰ দম্পতি এটাই হিন্দু ৰীতি-নীতি অনুসৰি পুনৰ বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকে কৈছিল যে তেওঁলোক সাতটা জন্মৰ বাবে একেলগে থাকিব বিচাৰে আৰু হিন্দু সংস্কৃতিক বহুত ভালপায় । সেইকাৰণে তেওঁলোকে হিন্দু ৰীতি-নীতি অনুসৰি পুনৰ বিবাহ কৰাইছে ।

লগতে পঢ়ক :Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত কাইলৈ কেবিনেট বৈঠক

ABOUT THE AUTHOR

...view details