নিউজ ডেস্ক, 3 জুন: সকলোৰে চকু সেমেকাই তোলা ভয়াৱহ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল 14 বছৰৰ পূৰ্বে ৷ ওড়িশা ক’ৰ’মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱা ঘটনা এয়াই প্ৰথম নহয় ৷ 14 বছৰৰ পূৰ্বেও এনে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল (Bahanaga train accident) ৷
ইতিসাহৰ ক’লা পৃষ্ঠা লুটিয়াই চালে দেখা যায় 2009 চনৰ 13 ফেব্ৰুৱাৰীৰ সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা ৷ সেই দিনটোও আছিল শুকুৰবাৰ (Coromandel Accident On A Friday Night) ৷ 2009 চনৰ 13 ফেব্ৰুৱাৰীত ওড়িশাৰ জাজপুৰ জিলাত ট্ৰেক সলনি কৰি থকা অৱস্থাত হাওৰাৰ পৰা চেন্নাই অভিমুখী ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ 13 টাকৈ ডবা লাইনচ্যুত হৈছিল (Odisha train accident history) ৷
সেই দুৰ্ঘটনাৰ ফলত কমেও 16 জন যাত্ৰী নিহত আৰু 161 জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সেই দিনটো পাচত ক’লা শুকুৰবাৰে হিচাপে চিহ্ণ হৈছে । তেতিয়াৰ 12842 নম্বৰৰ ক’ৰ’মণ্ডল এক্সপ্ৰেছখন চেন্নাই আৰু শ্বালিমাৰৰ মাজত 27 ঘণ্টা পাঁচ মিনিটত 1,662 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগীয়া আছিল । ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ গতি আছিল প্ৰতিঘন্টাত 130 কিঃমি । কিন্তু ওড়িশাৰ জাজপুৰত পতিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত (Train derailed in Odisha) ৷
2023 চনৰ শুকুৰবাৰৰ দুৰ্ঘটনাটোৱে 2009 চনৰ ক’ৰ’মণ্ডল দুৰ্ঘটনাৰ সেই ভয়াৱহ স্মৃতি ঘূৰাই আনিলে ৷ কিয়নো 2009 চনতো সন্ধিয়া 7.30 পৰা 7.40 বজাৰ ভিতৰত হৈছিল সেই দুৰ্ঘটনাটো ৷ 2009ৰ শুকুৰবাৰৰ দৰে 2023ৰ শুকুৰবাৰে নিশাটোও আছিল আন এক দুৰ্ভাগ্যজনক নিশা ৷ য’ত নিহতৰ সংখ্যাই তিনি দশকৰ ঘৰ স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে (Three Train Collide in Odisha) ৷