নেশ্যনেল ডেস্ক,১৪ ফেব্ৰুৱাৰী :বিবিচিয়ে প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে (Modi documentary controversy)। তথ্যচিত্ৰখনক লৈ ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা হৈছে । ইয়াৰ মাজতে দিল্লীস্থিত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন (বিবিচি)ৰ কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাইছে (IT raid in BBC office)। সূত্ৰৰ মতে আয়কৰ বিভাগৰ এটা দলে কাৰ্যালয়টোত অভিযান চলাইছে ।
২০০২ চনত প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত বিবিচিয়ে "India: The Modi Question" তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ মাজতে বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে ।
কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে ২০০২ চনত মুছলমান বিৰোধী হিংসাত্মক ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকা পৰীক্ষা কৰি যোৱা মাহত মুকলি কৰা বিবিচিৰ এখন তথ্যচিত্ৰ নিষিদ্ধ কৰিছিল (Govt banned Modi documentary)। আনকি অনলাইনত শ্বেয়াৰ কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । আনকি আৰক্ষীয়ে মহাবিদ্যালয়সমূহত তথ্যচিত্ৰখনৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ আৰু সামাজিক মাধ্যমত ইয়াৰ ক্লিপবোৰ সীমিত কৰিবলৈ স্ক্ৰেম্বল কৰা হৈছিল । সমালোচকসকলে এই অভিযানক সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি নিন্দা কৰিছিল ।