অসম

assam

ETV Bharat / bharat

Jan Aushadhi Diwas: জেনেৰিক ঔষধক লৈ জনসাধাৰণৰ মাজত প্ৰয়োজন সজাগতাৰ - Jan Aushadhi Day

দেশত জেনেৰিক ঔষধৰ প্ৰসাৰ বৃদ্ধি আৰু ইয়াৰ প্ৰতি সজাগতা সৃষ্টি বাবে মাৰ্চ মাহৰ প্ৰথম মাহত জনৌষধী সপ্তাহ আৰু ৭ মাৰ্চত জনৌষধী দিৱস পালন কৰা হয় ।

It is necessary to spread awareness about generic medicines in public interest: Jan Aushadhi Day
জেনেৰিক ঔষধক লৈ জনসাধাৰণৰ মাজত প্ৰয়োজন সজাগতাৰ

By

Published : Mar 7, 2023, 5:10 AM IST

ৰোগে প্ৰতিটো শ্ৰেণীৰ মানুহক কষ্ট দিয়ে(Jan Aushadhi Diwas)। কিন্তু ৰোগ নিৰাময়ৰ বাবে ঔষধ সেৱন কৰাটো কেতিয়াবা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে আনকি মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰে । কাৰণ কেতিয়াবা কিছুমান ঔষধ খুবেই ব্যয়বহুল হয় । এনে পৰিস্থিতিত বহুলোকে কোনো ৰোগ বা ৰোগৰ বাবে ঔষধৰ কোৰ্চ সম্পূৰ্ণ কৰিব নোৱাৰে । ভাৰত চৰকাৰে জেনেৰিক ঔষধ বিয়পোৱাৰ বাবে বহু প্ৰচেষ্টা চলাইছে যাতে ঔষধৰ খৰচ কোনো ব্যক্তিৰ চিকিৎসাত বাধাৰ সৃষ্টি নকৰে আৰু যিমানদূৰ সম্ভৱ প্ৰতিজন ব্যক্তিৰ বাবে অত্যাৱশ্যকীয় ঔষধ উপলব্ধ হ’ব লাগে(Jan Aushadhi Diwas)।

ইয়াৰ সমান্তৰালকৈ বহু জনৌষধী কেন্দ্ৰও চলি আছে। য’ৰ পৰা জেনেৰিক ঔষধ কিনিব পাৰি । কিন্তু চিন্তনীয় বিষয় যে সকলো প্ৰচেষ্টা সত্ত্বেও আজিও বৃহৎ সংখ্যক লোকৰ জেনেৰিক ঔষধ আৰু জনৌষধী কেন্দ্ৰৰ বিষয়ে বিশেষ জ্ঞান নাই । একে সময়তে সাধাৰণ মানুহৰ মাজত তেওঁলোকৰ গুণগত মান সন্দৰ্ভত বহু ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে(Why do we celebrate Jan aushadhi Diwas?)।

প্ৰতি বছৰে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰাইজৰ মাজত জেনেৰিক ঔষধ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে ৭ মাৰ্চ তাৰিখে জনৌষধী সপ্তাহ আৰু জনৌষধী দিৱস বা জেনেৰিক ঔষধ দিৱস পালন কৰা হয়(Jan Aushadhi Day)।

জেনেৰিক ঔষধ কি কি ?

জেনেৰিক ঔষধ আচলতে ব্ৰেণ্ড নাম নথকা ঔষধ(WHO launched Jan aushadhi?)। এই ঔষধবোৰৰ খৰচ তুলনামূলকভাৱে বহু কম যদিও জনপ্ৰিয় ব্ৰেণ্ডৰ দামী ঔষধৰ দৰেই নিৰাপদ, ফলপ্ৰসূ আৰু উপকাৰী(Health Ministry celebrates Jan Aushadhi Diwas)।

ইতিহাস

ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেলছ বিভাগে ২০০৮ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা (PMBJP) আৰম্ভ কৰিছিল, যাৰ উদ্দেশ্য আছিল গুণগত মানৰ জেনেৰিক ঔষধ আৰ্তজনৰ বাবে সুলভ মূল্যত উপলব্ধ কৰা। যাৰ অধীনত দেশৰ বহু ঠাইত জনৌষধী কেন্দ্ৰ আৰম্ভ কৰা হৈছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস " জনৌষধী দিৱস" হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছত ২০১৯ চনৰ ৭ মাৰ্চত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে, বৰ্তমান দেশৰ ৯০০০ তকৈ অধিক জনৌষধী কেন্দ্ৰত ৫০%ৰ পৰা ৯০% সস্তা ঔষধ উপলব্ধ । কিন্তু দাম কম হোৱাৰ অৰ্থ এইটো নহয় যে এই ঔষধৰ মানদণ্ড শুদ্ধ নহয় । এই ঔষধবোৰো দামী ঔষধৰ দৰেই ফলপ্ৰসূ । ইয়াৰ মূল কাৰণেই প্ৰতিদিনে প্ৰায় ১২ লাখ লোকে এই জনৌষধী কেন্দ্ৰসমূহ ভ্ৰমণ কৰে ।

জনৌষধী কেন্দ্ৰৰ সংখ্যা আৰু জেনেৰিক ঔষধৰ উপলব্ধতাৰ কথা কওঁতে ২০২৩ চনৰ ৩১ জানুৱাৰীলৈকে দেশৰ ৭৬৪ খন জিলাৰ ভিতৰত ৭৪৩ খন জিলাত ৯০৮২ টা প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী কেন্দ্ৰ স্থাপন কৰা হৈছে । য’ত প্ৰায় ১৭৫৯ টা ঔষধ আৰু ২৮০ টা অস্ত্ৰোপচাৰৰ যন্ত্ৰ অতি সুলভ মূল্যত উপলব্ধ কৰা হৈছে । ঔষধ আৰু অস্ত্ৰোপচাৰৰ যন্ত্ৰৰ লগতে এই কেন্দ্ৰসমূহত প্ৰ’টিন পাউদাৰ, মাল্ট ভিত্তিক খাদ্য পৰিপূৰক, প্ৰ’টিন বাৰ, ইমিউনিটি বাৰ, চেনিটাইজাৰ, মাস্ক, গ্লুক’মিটাৰ, অক্সিমিটাৰ আদি আৰু নিউট্ৰাচিউটিকেল সামগ্ৰীও উপলব্ধ কৰা হয় ।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰত চৰকাৰে ২০২৩ চনৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰত ১০,০০০ জনৌষধী কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

উদ্দেশ্য

আচলতে বজাৰত উপলব্ধ সুপৰিচিত কোম্পানীসমূহৰ ব্ৰেণ্ডেড ঔষধ সাধাৰণতে অতি ব্যয়বহুল । আৰু যিহেতু এইবোৰ অধিক জনপ্ৰিয় আৰু সকলো মেডিকেল ষ্ট’ৰতে সহজে পোৱা যায়, সেয়েহে চিকিৎসকসকলেও একেবোৰ ঔষধ প্ৰেছক্ৰিপচনত লিখে । আনহাতে জনৌষধী কেন্দ্ৰত জেনেৰিক ঔষধ পোৱা যায় । কম খৰচী আৰু আন কিছুমান কাৰণত মানুহৰ মনত সাধাৰণতে এইবোৰ প্ৰশ্ন থাকে যে এই ঔষধবোৰ শুদ্ধ নেকি আৰু দামী ঔষধৰ দৰেই ফলপ্ৰসূ নেকি ?

এই সকলোবোৰ বিষয়ৰ প্ৰতি সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি আৰু জেনেৰিক ঔষধৰ প্ৰতি মানুহৰ মনত আত্মবিশ্বাস জগাই তোলাটোৱেই হৈছে জনৌষধী দিৱস আৰু সপ্তাহ আয়োজন কৰাৰ মূল উদ্দেশ্য । ইয়াৰ সমান্তৰালকৈ এই অনুষ্ঠানটো ভাৰত চৰকাৰে প্ৰতিজন ব্যক্তিৰ বাবে ঔষধ উপলব্ধ কৰাৰ বাবে কৰা প্ৰচেষ্টা আৰু এই দিশত তেওঁলোকৰ সাফল্যক উদযাপনৰ দিন ।

জনৌষধী দিৱস আৰু সপ্তাহ

জনৌষধী দিৱসৰ পূৰ্বে মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বহু ধৰণৰ সজাগতামূলক কাৰ্যসূচী আয়োজন কৰে । য’ত চিকিৎসক, স্বাস্থ্য বিশেষজ্ঞ, জেনেৰিক ঔষধ ব্যৱহাৰ কৰা লোক, জনৌষধী কেন্দ্ৰৰ সৈতে জড়িত লোক, শিশু আৰু সাধাৰণ লোকো জড়িত হৈ থাকে । এই উপলক্ষে পিএমবিজেপি আৰু ভাৰতীয় ফাৰ্মাচিউটিকেলছ এণ্ড মেডিকেল ডিভাইচেছ ব্যুৰো (পিএমবিআই)ৰ উদ্যোগত শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংস্থাসমূহত আলোচনা চক্ৰ, কাৰ্যসূচী, হেৰিটেজ ৱাক, স্বাস্থ্য শিবিৰ আদি বহুতো কাৰ্যসূচীও আয়োজন কৰা হয় ।

লগতে পঢ়ক:National Dentist Day 2023: বৃদ্ধাৱস্থালৈকে দাঁত মজবুত কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম

ABOUT THE AUTHOR

...view details