নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে (Wrestlers protest against WFI President)। ন্যায়ৰ দাবীত একাংশ মল্লযুঁজাৰুৱে প্ৰতিবাদ কৰা দেখি উদ্বিগ্ন অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা (Neeraj Chopra concerned over wrestlers protest)। মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক সমৰ্থন জনাই তেওঁ কয় যে ন্যায়ৰ দাবীত ৰাজপথত খেলুৱৈসকলক দেখি তেওঁ মৰ্মাহত হৈছে ।
খেলুৱৈসকলক তেনেকৈ ৰাজপথত দেখি তেওঁ দুখিত হৈছে বুলি উল্লেখ কৰিছে । টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চোপ্ৰাই এক টুইটযোগে কয় যে সেইসকল খেলুৱৈয়ে ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি আমাক গৌৰৱান্বিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে (Neeraj Chopra reacts over wrestlers protest)।
তেওঁ কয় যে এখন ৰাষ্ট্ৰ হিচাবে আমি প্ৰতিজন ব্যক্তি, খেলুৱৈৰ অখণ্ডতা আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ বাবে দায়বদ্ধ । তেওঁ উল্লেখ কৰা মতে যি হৈ আছে সেয়া কেতিয়াও হোৱা উচিত নহয় । এইটো এক স্পৰ্শকাতৰ বিষয় আৰু ইয়াক নিৰপেক্ষ আৰু স্বচ্ছভাৱে মোকাবিলা কৰিব লাগিব বুলিও তেওঁ দাবী কৰে । কৰ্তৃপক্ষই এই ক্ষেত্ৰত সোনকালে পদক্ষেপ ল'ব লাগে বুলিও তেওঁ কয় ।