অসম

assam

By

Published : Mar 7, 2021, 1:34 PM IST

ETV Bharat / bharat

ইছৰোৰ শীৰ্ষ বিষয়াৰ কৰ’ণা প্ৰতিষেধক গ্ৰহণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ কে শিৱান, বৈজ্ঞানিক সচিব ড৹ উমা মহেশ্বৰণ, প্ৰাক্তন অধ্যক্ষ ড৹ এ এছ কিৰণ কুমাৰ আৰু ড৹ কে ৰাধাকৃষ্ণণে শনিবাৰে গ্ৰহণ কৰিলে প্ৰথম পালি কৰ’ণা প্ৰতিষেধক । বেংগালুৰুৰ এষ্টাৰ চিএমআই চিকিৎসালয়ত গ্ৰহণ কৰে এই প্ৰতিষেধক ।

ক'ৰণা প্ৰতিষেধক ল'লে ইছৰোৰ শীৰ্ষ বিষয়াসকলে
ক'ৰণা প্ৰতিষেধক ল'লে ইছৰোৰ শীৰ্ষ বিষয়াসকলে

নিউজ ডেস্ক,৭ মাৰ্চ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ কে শিৱান, বৈজ্ঞানিক সচিব ড৹ উমা মহেশ্বৰণ, প্ৰাক্তন অধ্যক্ষ ড৹ এ এছ কিৰণ কুমাৰ আৰু ড৹ কে ৰাধাকৃষ্ণণে শনিবাৰে গ্ৰহণ কৰিলে প্ৰথম পালি কৰ’ণা প্ৰতিষেধক । বেংগালুৰুৰ এষ্টাৰ চিএমআই চিকিৎসালয়ত আটাই কেইগৰাকীয়ে গ্ৰহণ কৰে কৰ’ণা প্ৰতিষেধক । চলিত সপ্তাহৰ আৰম্ভণিতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজধানী চহৰ নতুন দিল্লীস্থিত এইমছত গ্ৰহণ কৰে ক'ৰণা প্ৰতিষেধক । কৰ’ণা বিৰুদ্ধে যুঁজত অৱতীৰ্ণ চিকিৎসক আৰু বৈজ্ঞানিকসকলক প্ৰশংসাৰে ওপচাই সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ৷

ক'ৰণা প্ৰতিষেধক ল'লে ইছৰোৰ শীৰ্ষ বিষয়াসকলে

উল্লেখ্য যে, দেশজুৰি ১৬ জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল । ২ ফেব্ৰুৱাৰীৰ পৰা কৰ’ণা যোদ্ধাসকলৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰা হয় । দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে । এই পৰ্যায়ত ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি আৰু ৪৫ বছৰ ঊৰ্দ্ধৰ যিসকল ব্যক্তি আনুসংগিক ৰোগত আক্ৰান্ত তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ক'ৰণা প্ৰতিষেধক ল'লে ইছৰোৰ শীৰ্ষ বিষয়াসকলে

কৰ্ণাটকৰ স্বাস্থ্য বিভাগে সোমবাৰৰ পৰা ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি কৰ’ণা প্ৰতিষেধক প্ৰদান কৰাৰ বাবে বেংগালুৰুৰ ১৮ খন ব্যক্তিগত আৰু ৫ খন চৰকাৰী চিকিৎসালয় বাছনি কৰিছে । চৰকাৰী চিকিৎসালয়ত সপ্তাহত চাৰিটা দিনত সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে টীকাকৰণ প্ৰদান কৰা হ'ব । আনহাতে ব্যক্তিগত চিকিৎসালয়ত সপ্তাহৰ সকলো দিনতে টীকাকৰণ প্ৰদান কৰা হ'ব । ৰাজ্যখনৰ এগৰাকী স্বাস্থ্য বিভাগৰ বিষয়াই কয় যে দক্ষিণ ৰাজ্যৰ ৩০ খন জিলাৰ সকলো তালুক আৰু জিলা পৰ্যায়ৰ চিকিৎসালয় আৰু ২ খন ব্যক্তিগত চিকিৎসালয়তো টীকাকৰণ প্ৰদান কৰা হ'ব ।

ক'ৰণা প্ৰতিষেধক ল'লে ইছৰোৰ শীৰ্ষ বিষয়াসকলে

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতত ১৮,৩২৭ টা নতুনকৈ COVID-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১০৮ জন লোক মৃত্যু হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে এই তথ্য প্ৰকাশ কৰে । স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত ১,১১,৯২,০৮৮ জন লোক আক্ৰান্ত হৈছে । ইয়াৰে ভিতৰত ১,৮০,৩০৪ টা সক্ৰিয় ঘটনা আৰু ১,৫৭,৬৫৬ লোকে প্ৰাণ হেৰুৱাইছে । ইফালে, স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত এতিয়ালৈকে মুঠ ১,৯৪,৯৭,৭০৪ জন লোকক টীকাকৰণ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: দেওবাৰে "মধ্যম শ্ৰেণীত" ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড

ABOUT THE AUTHOR

...view details