নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ এছ সোমনাথে কয় যে ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল1 ইয়াৰ গন্তব্য স্থান পৃথিৱীৰ পৰা 1.5 নিযুত কিলোমিটাৰ দূৰত অৱস্থিত লাগ্ৰাঞ্জিয়ান পইণ্টত (এল1) ৬ জানুৱাৰীত উপনীত হ'ব । এই অভিযানটো হৈছে হেলো কক্ষপথ এল1-ৰ পৰা সূৰ্য অধ্যয়ন কৰা প্ৰথম ভাৰতীয় মহাকাশ ভিত্তিক অবজাৰভেটৰী । 2 ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) পৰা ইছৰোৱে ইয়াৰ উৎক্ষেপণ কৰিছিল ।
"আদিত্য-এল১ ৬ জানুৱাৰীত এল১ পইণ্টত প্ৰৱেশ কৰিব । সেয়াই আশা কৰা হৈছে । নিৰ্দিষ্ট সময়ত ইয়াৰ সঠিক সময় ঘোষণা কৰা হ'ব ।" বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংগঠন বিজ্ঞান ভাৰতীৰ দ্বাৰা আয়োজিত ভাৰতীয় বিজ্ঞান সন্মিলনৰ সময়ত শুকুৰবাৰে সোমনাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় । "যেতিয়া ই এল1 পইণ্টত উপনীত হ'ব, আমি ইঞ্জিনটো পুনৰ এবাৰ ফায়াৰ কৰিব লাগিব যাতে ই আৰু আগবাঢ়ি নাযায় । ই উক্ত বিন্দুলৈ যাব আৰু সেই বিন্দুত উপনীত হোৱাৰ পিছত তাৰ চাৰিওফালে ঘূৰিব আৰু এল1-ত আবদ্ধ হ'ব ।" তেওঁ কয় ।
আদিত্য-এল1 ইয়াৰ গন্তব্য স্থানত উপনীত হোৱাৰ পিছত ই পৰৱৰ্তী পাঁচ বছৰৰ বাবে সূৰ্যত ঘটি থকা বিভিন্ন ঘটনা পৰিমাপত সহায় কৰিব । "এবাৰ ইয়াক সফলতাৰে এল-১ পইণ্টত ৰখাৰ পিছত ই পৰৱৰ্তী পাঁচ বছৰৰ বাবে তাত থাকিব । তাৰ পৰা এনে সকলো তথ্য সংগ্ৰহ কৰিব, যিবোৰ কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ বাবেও অতি গুৰুত্বপূৰ্ণ । সূৰ্যৰ গতিশীলতা আৰু ই আমাৰ জীৱনক কেনেদৰে প্ৰভাৱিত কৰে বুজিবলৈ তথ্যবোৰ অতি উপযোগী হ'ব ।" ইছৰোৰ মুৰব্বীয়ে কয় ।