নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ :মহাকাশৰ পৰা আহিছে এটা ভাল খবৰ ৷ সূৰ্য অধ্যয়নৰ বাবে ভাৰতৰ পঠিওৱা প্ৰথম মহাকাশ ভিত্তিক অভিযান আদিত্য L১ মহাকাশযানে দেওবাৰে পুৱতি নিশা তৃতীয়টো পৃথিৱীমুখী কৌশল বা পৃথিৱী-বাউণ্ড মেনুৱেৰ সফলতাৰে সম্পন্ন কৰে ৷ এই কথা সদৰী কৰিছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISRO এ ৷ ISRO এ উল্লেখ কৰা মতে, মহাকাশ সংস্থাটোৰ টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (Telemetry, Tracking and Command Network চমুকৈ ISTRAC) য়ে চলাইছিল এই অভিযানটো ।
তৃতীয়টো পৃথিৱী-বাউণ্ড মেনুৱেৰ ( third Earth-bound manoeuvre অৰ্থাৎ EBN#৩) বেংগালুৰুৰ ISTRAC ৰ পৰা সফলতাৰে সম্পন্ন কৰা হয় । এই অভিযানৰ সময়ত মৰিচাছ, বেংগালুৰু, এছডিএছচি-শ্বাৰ আৰু প’ৰ্ট ব্লেয়াৰত থকা ISRO ৰ গ্ৰাউণ্ড ষ্টেচনে উপগ্ৰহটোক অনুসৰণ কৰিছিল । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) এ X ত টুইট কৰি এইদৰে কয় ।
ISRO এ X ৰ টুইটত উল্লেখ কৰা অনুসৰি, আদিত্য L১ মহাকাশযানে নতুন কক্ষপথ লাভ কৰিছে, যি ২৯৬ কিলোমিটাৰ x ৭১৭৬৭ কিলোমিটাৰ আৰু পৰৱৰ্তী পৃথিৱী-বাউণ্ড মেনুৱেৰ হ’ব ১৫ ছেপ্টেম্বৰত, পুৱা প্ৰায় ২ বজাত । ইতিমধ্যে সকলোৰে জ্ঞাত যে, আদিত্য L১হৈছে প্ৰথমটো ভাৰতীয় মহাকাশভিত্তিক মানৱ নিৰীক্ষণ কেন্দ্ৰ, যি পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰথম সূৰ্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু (L১)ৰ চাৰিওফালে থকা প্ৰভা কক্ষপথৰ পৰা সূৰ্যক অধ্যয়ন কৰিব ।