অসম

assam

ETV Bharat / bharat

Aditya L1 : পৃথিৱীৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ আদিত্য এল-১ৰ - India first Solar mission

সূৰ্য অধ্যয়নৰ বাবে আদিত্য এল-১ৰ যাত্ৰা অব্যাহত আছে । প্ৰথম, দ্বিতীয় আৰু তৃতীয় কক্ষপথ সফলতাৰ অতিক্ৰম কৰাৰ পাছত চতুৰ্থ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰিলে মহাকাশযানখনে ।

Aditya L1
পৃথিৱীৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ আদিত্য এল-১ৰ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:47 AM IST

নেশ্যনেল ডেস্ক,১৫ ছেপ্টেম্বৰ :চন্দ্ৰযান-৩ৰ সফল অভিযানৰ পাছত সূৰ্য অধ্যয়নৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা আদিত্য এল-১ৰ আন এক সফলতা । ইছৰোৱে জনোৱা মতে মহাকাশযান আদিত্য এল-১য়ে সফলতাৰে পৃথিৱীৰ চতুৰ্থ কক্ষপথত প্ৰৱেশ কৰে ।

ইছৰোৱে এক্সত লিখিছে যে আদিত্য এল-১য়ে পৃথিৱীৰ চাৰিওফালৰ চতুৰ্থ কক্ষপথত (ইবিএন#৪) সফলতাৰে প্ৰৱেশ কৰে । এই অভিযানৰ সময়ত মৰিচাছ, বেংগালুৰু, এছডিএছচি-এছএইচএআৰ আৰু পোৰ্ট ব্লেয়াৰত ইছৰোৰ গ্ৰাউণ্ড ষ্টেচনসমূহে মহাকাশযানখন ট্ৰেক কৰে । আনহাতে, বৰ্তমান আদিত্য-এল-১ৰ বাবে ফিজি দ্বীপপুঞ্জত অৱস্থিত এটা পৰিবহনযোগ্য টাৰ্মিনেলে পোষ্ট বাৰ্ণ অভিযানত সহায় কৰিব ।

আদিত্য এল-১য়ে প্ৰৱেশ কৰা নতুন কক্ষপথটো হৈছে ২৫৬ কিঃমিঃ x ১২১৯৭৩ কিলোমিটাৰ । মহাকাশযানখনে পৰৱৰ্তী কক্ষপথ ট্ৰেন্স-লাগ্ৰেজিয়ান পইণ্ট ১ ইনচাৰ্টনত (টিএল১আই) ১৯ ছেপ্টেম্বৰত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে । আদিত্য এল-১ হৈছে সূৰ্য অভিমুখে প্ৰথম ভাৰতীয় মহাকাশ অভিযান । সূৰ্য পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰৈত অৱস্থিত । আদিত্য এল-১য়ে প্ৰথম সূৰ্য-পৃথিৱী লাগ্ৰাঞ্জিয়ান বিন্দুৰ (এল১) চাৰিওফালে থকা হেলো কক্ষপথৰ পৰা সূৰ্য অধ্যয়ন কৰিব ।

উল্লেখ্য যে, পৃথিৱীৰ চাৰিওফালে প্ৰথম, দ্বিতীয় আৰু তৃতীয় কক্ষপথ ক্ৰমে ৩, ৫ আৰু ১০ ছেপ্টেম্বৰত আদিত্য এল-১য়ে সফলতাৰে সম্পাদন কৰিছিল । মহাকাশযানখনে পৃথিৱীৰ চাৰিওফালে ১৬ দিনীয়া যাত্ৰাৰ সময়ত এই কক্ষপথবোৰ সম্পাদন কৰে ।

আদিত্য এল-১য়ে পৰৱৰ্তী সময়ত ট্ৰেন্স-লাগ্ৰেঞ্জিয়ান-১ কক্ষপথৰ মাজেৰে যাব, যাৰ ফলত এল-১ লাগ্ৰেঞ্জ বিন্দুৰ চাৰিওফালে গন্তব্য স্থানলৈ ইয়াৰ প্ৰায় ১১০ দিনৰ গতিপথ আৰম্ভ হ'ব ।

উল্লেখ্য যে, ২ ছেপ্টেম্বৰত ইছৰোৰ পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি-চি ৫৭)য়ে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আদিত্য এল-১ মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰে । উৰণৰ ৬৩ মিনিট ২০ ছেকেণ্ডৰ পাছতে আদিত্য এল-১ মহাকাশযানখনক সফলতাৰে পৃথিৱীৰ চাৰিওফালে ২৩৫x১৯৫০০ কিলোমিটাৰ উপবৃত্তাকাৰ কক্ষপথত সুমুৱাই দিয়া হৈছিল ।

লগতে পঢ়ক :Chandrayaan Missions : বিশ্ব বৈজ্ঞানিক সম্প্ৰদায়ক অতুলনীয় তথ্য প্ৰদান চন্দ্ৰযান অভিযানৰ; বিজ্ঞানী দেৱীপ্ৰসাদ দুৱাৰী

ABOUT THE AUTHOR

...view details