অসম

assam

ETV Bharat / bharat

ISRO ৰ চোৰাংচোৱা গোচৰৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ল'ব কেৰালাৰ আদালতে - ISROৰ ক্ৰায়জেনিক প্ৰকল্পৰ তদানীন্তন সঞ্চালক

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চোৰাংচোৱা গোচৰত অভিযুক্ত চিবি মেথিউ আৰু কে কে যিহোচুৱাৰ দ্বাৰা দাখিল কৰা আগতীয়া জামিন আবেদনৰ শুনানি থিৰুৱনন্তপুৰমৰ প্ৰধান সত্ৰ আদালতত হ'ব । মেথিউৱে অভিযোগ কৰিছিল যে ISRO ৰ প্ৰাক্তন বিজ্ঞানী নাম্বি নাৰায়ণনক চোৰাংচোৱা ব্যুৰ' বিষয়াৰ নিৰ্দেশৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ISRO espionage case
ISROৰ চোৰাংচোৱা গোচৰৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ল'ব কেৰালাৰ আদালতে

By

Published : Jul 7, 2021, 11:55 AM IST

নেশ্যনেল ডেস্ক,৭ জুলাই :ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ এক চোৰাংচোৱা গোচৰত অভিযুক্ত চিবি মেথিউ আৰু কে কে জোচুৱাৰ দ্বাৰা দাখিল কৰা অগ্ৰিম জামিন আবেদনৰ শুনানি বুধবাৰে থিৰুৱনন্তপুৰমৰ প্ৰধান সত্ৰ আদালতত গ্ৰহণ কৰা হ'ব । আবেদনকাৰী চিবি মেথিউৱে অভিযোগ কৰিছিল যে ISROৰ প্ৰাক্তন বিজ্ঞানী নাম্বি নাৰায়ণনক তেতিয়াৰ চোৰাংচোৱা ব্যুৰ' বিষয়া শ্ৰীকুমাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল । কে কে জোচুৱা গোচৰটোৰ সপ্তম অভিযুক্ত ।

আবেদনকাৰীয়ে সম্পূৰ্ণ নিৰ্দোষী বুলি দাবী কৰাৰ লগতে অভিযোগ কৰে যে দুজন মালদ্বীপৰ মহিলাই নাৰায়ণনৰ সৈতে চোৰাংচোৱা কৰিছিল । তেওঁ লগতে কয় যে গ্ৰেপ্তাৰৰ বাবে আইবি(IB) বিষয়াসকল সম্পূৰ্ণৰূপে দায়বদ্ধ আছিল । ইফালে সূত্ৰ অনুসৰি নাৰায়ণনে পূৰ্বে অভিযুক্তৰ আগতীয়া জামিন আবেদনৰ বিৰোধিতা কৰিছিল ।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (CBI)ৰ দ্বাৰা ষড়যন্ত্ৰ আৰু নথিপত্ৰ নিৰ্মাণৰ অভিযোগত গোচৰ ৰুজু কৰা মেথিউৰ বিৰুদ্ধে নাৰায়ণনক অত্যাধিক অত্যাচাৰ কৰাৰ অভিযোগ আছে । ইয়াৰ পূৰ্বে, তেওঁ গোচৰটোত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল । তথ্য অনুসৰি, নাৰায়ণনে গোচৰটোৰ এজন উত্তৰদাতা হিচাপে আদালতত আবেদন কৰিছিল আৰু চিবিআইয়ে ৩০ জুনত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিছিল ।

ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গোচৰটোত গাফিলতি কৰা আৰক্ষী বিষয়াসকলৰ ভূমিকাৰ তদন্তৰ বাবে গঠন কৰা এক উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন চিবিআইক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰু তদন্তকাৰী সংস্থাক গোচৰটোৰ সঠিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । উল্লেখ্য যে ১৯৯৪ চনৰ চোৰাংচোৱা গোচৰত দুজন বিজ্ঞানী আৰু দুজন মালদ্বীপৰ মহিলা জড়িত আছিল, ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ কিছুমান গোপনীয় নথি বিদেশলৈ স্থানান্তৰৰ সৈতে জড়িত আছিল এই গোচৰ । ISROৰ ক্ৰায়'জেনিক প্ৰকল্পৰ তদানীন্তন সঞ্চালক নাৰায়ণনক গ্ৰেপ্তাৰ কৰা হৈছিল ।

গোচৰটোত গ্ৰেপ্তাৰ কৰা আনসকল হ'ল পাকিস্তানক বিক্ৰী কৰাৰ বাবে ISROৰ ৰকেট ইঞ্জিনৰ গোপন অংকন অনাৰ অভিযোগত মালদ্বীপৰ নাগৰিক ৰছিদা, ৰছিদাৰ মালদ্বীপৰ বন্ধু ফৌচিয়া হাছান আৰু তেতিয়াৰ ISROৰ উপ-সঞ্চালক(Deputy Director of ISRO) ডি শশীকুমাৰন । পিছত, চিবিআইয়ে কেৰালাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক তেওঁৰ অবৈধ গ্ৰেপ্তাৰৰ বাবে দায়ী কৰে আৰু নাৰায়ণনক ক্লিন চিট দিয়ে । উচ্চতম ন্যায়ালয়ে কেৰালা চৰকাৰক নাৰায়ণনক ক্ষতিপূৰণ হিচাপে ৫০ লাখ টকা দিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :পশ্চিমবংগত উদযাপন হ'ব 'খেলা হবে দিৱস'

ABOUT THE AUTHOR

...view details