অসম

assam

ISRO ৰ চোৰাংচোৱা গোচৰ: মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত

ISRO ৰ চোৰাংচোৱা গোচৰ সন্দৰ্ভত CBI য়ে ১৭ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত কেৰালাৰ প্ৰাক্তন ডিজিপি চিবি মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ১২ জুলাইলৈ স্থগিত ৰাখিছে ।

By

Published : Jul 8, 2021, 7:10 AM IST

Published : Jul 8, 2021, 7:10 AM IST

Kerala court adjourns AB plea
মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত

নেশ্যনেল ডেস্ক, 8 জুলাই : বুধবাৰে কেৰালাৰ আদালতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ চোৰাংচোৱা গোচৰৰ সন্দৰ্ভত কেৰালাৰ প্ৰাক্তন ডিজিপি চিবি মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ১২ জুলাইলৈ স্থগিত ৰাখে । ১৯৯৪ চনৰ চোৰাংচোৱা গোচৰত ISRO ৰ প্ৰাক্তন বিজ্ঞানী নাম্বি নাৰায়ণনক গ্ৰেপ্তাৰ আৰু আটক কৰাৰ সন্দৰ্ভত চিবিআইয়ে (CBI) আইপিচিৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু অপহৰণ আৰু প্ৰমাণ ধ্বংস কৰাকে ধৰি কেইবাটাও অপৰাধত মেথিউছ আৰু আন ১৭ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । প্ৰধান জিলা আৰু সত্ৰ ন্যায়াধীশ পি কৃষ্ণকুমাৰে বিষয়টো অহা সপ্তাহত শুনানি গ্ৰহণৰ কথা ঘোষণা কৰে ৷ কিয়নো গোচৰটোৰ আন দুজন অভিযুক্তৰ জামিন আবেদন কেৰালা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু বিষয়টোৰ শুনানি একে দিনতে হোৱাৰ সম্ভাৱনা আছে ।

ন্যায়াধীশ পি কৃষ্ণকুমাৰে ঘোষণা কৰা মতে, যিহেতু উচ্চ ন্যায়ালয়ত একে ধৰণৰ বিষয় বিচাৰাধীন হৈ আছে, তাত হোৱা শুনানিৰ ওপৰত ভিত্তি কৰিহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ উপৰিও নাৰায়ণনৰ বিষয়টোত প্ৰত্যাহ্বান জনোৱা আবেদনখন জিলা আদালতৰ সন্মুখত তালিকাভুক্ত কৰা হৈছিল । নাৰায়ণনৰ হৈ অধিবক্তা চি উন্নীকৃষ্ণণে মেথিউছক কোনো ধৰণৰ সকাহ দিয়া বিৰোধিতা কৰিছে ।

ইফালে জিলা আদালতক এইটোও কোৱা হৈছে যে মালদ্বীপৰ দুজন নাগৰিক মাৰিয়াম ৰছিদা আৰু ফৌচিয়া হাছান, যাক চোৰাংচোৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকেও ইনলিডেণ্ট আবেদন দাখিল কৰিব । অগ্ৰিম জামিন আবেদন দাবী কৰি মেথিউছে উল্লেখ কৰিছে যে তেওঁ আৰু কেৰালা আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলক চোৰাংচোৱা গোচৰত নাৰায়ণনক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টেলিজেঞ্চ ব্যুৰ' (IB)ৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰা হৈছিল । তেওঁ লগতে দাবী কৰিছে যে IB আৰু RAW ৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি ৰছিদাৰ বিৰুদ্ধে বিদেশী আইন আৰু অফিচিয়েল চিক্ৰেটছ এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু তেওঁৰ কিছুমান ISROৰ বিজ্ঞানীৰ সৈতে অবাঞ্ছিত সম্পৰ্ক আছে আৰু তেওঁৰ কাৰ্য-কলাপ ভাৰতৰ স্বাৰ্থ আৰু নিৰাপত্তা বিৰোধী আছিল ।

ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গোচৰটোত গাফিলতি কৰা আৰক্ষী বিষয়াসকলৰ ভূমিকাৰ তদন্তৰ বাবে গঠন কৰা এক উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন চিবিআইক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷ লগতে তদন্তকাৰী সংস্থাক গোচৰটোৰ সঠিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । উল্লেখ্য যে ১৯৯৪ চনৰ চোৰাংচোৱা গোচৰত দুজন বিজ্ঞানী আৰু দুজন মালদ্বীপৰ মহিলা জড়িত আছিল, ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ কিছুমান গোপনীয় নথি বিদেশলৈ স্থানান্তৰৰ সৈতে জড়িত আছিল এই গোচৰ ।

ISRO ৰ ক্ৰায়'জেনিক প্ৰকল্পৰ তদানীন্তন সঞ্চালক নাৰায়ণনক গ্ৰেপ্তাৰ কৰা হৈছিল । ISRO ৰ ৰকেট ইঞ্জিনৰ গোপন অংশ পাকিস্তানক বিক্ৰী কৰাৰ অভিযোগত মালদ্বীপৰ নাগৰিক ৰছিদা, ৰছিদাৰ মালদ্বীপৰ বন্ধু ফৌচিয়া হাছান আৰু তেতিয়াৰ ISRO ৰ উপ-সঞ্চালক(Deputy Director of ISRO) ডি শশীকুমাৰণক গ্ৰেপ্তাৰ কৰা হৈছিল । পিছত চিবিআইয়ে কেৰালাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক অবৈধ গ্ৰেপ্তাৰৰ বাবে দায়ী ঘোষণা কৰি নাৰায়ণনক ক্লিন চিট দিয়ে । উচ্চতম ন্যায়ালয়ে কেৰালা চৰকাৰক নাৰায়ণনক ক্ষতিপূৰণ হিচাপে ৫০ লাখ টকা দিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক:ISRO ৰ চোৰাংচোৱা গোচৰৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ল'ব কেৰালাৰ আদালতে

ABOUT THE AUTHOR

...view details