নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :চলিত বছৰটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । একপ্ৰকাৰ ২০২৩ চনটো ইছৰোৰ বাবে সফলতাৰ বছৰ । প্ৰথমে ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযান সফল হয় আৰু তাৰ পাছত ইছৰোৰ প্ৰথমটো সূৰ্য অভিযান আৰম্ভ হয় । এই সফলতাক ইছৰো আৰু ভাৰত চৰকাৰে ব্যাপকভাৱে উদযাপন কৰিছে । তাৰ অংশস্বৰূপে এইবাৰ চন্দ্ৰযান ৩ মহাকুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ইছৰোৰ মুৰব্বী এছ সোমনাথে এই প্ৰতিযোগিতাত দেশবাসীৰ অংশগ্ৰহণৰ কামনা কৰিছে ।
দেশৰ সফল চন্দ্ৰ অভিযান উদযাপন আৰু মহাকাশ সাফল্যৰ বিষয়ে জানিবলৈ ৰাইজৰ কৌতূহল বৃদ্ধি কৰাৰ লক্ষ্যৰে চন্দ্ৰযান ৩ মহাকুইজৰ আয়োজন কৰা হৈছে আৰু সেয়ে ইয়াত অংশগ্ৰহণ কৰিবলৈ এছ সোমনাথে ৰাইজক আমন্ত্ৰণ জনাইছে । তেওঁ উল্লেখ কৰা মতে আগ্ৰহী লোকসকলে চৰকাৰী ৱেব ছাইট MyGov.inত গৈ মহাকুইজত অংশগ্ৰহণ কৰিব পাৰিব ।
চন্দ্ৰযান ৩ মহাকুইজ প্ৰতিযোগিতাত ১০ টা এমচিকিউ প্ৰকাৰৰ প্ৰশ্ন থাকিব । ৫ মিনিট বা ৩০০ ছেকেণ্ডৰ ভিতৰত এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব । ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক চন্দ্ৰযান ৩-ৰ বিষয়ে অধিক অন্বেষণ কৰিবলৈ উৎসাহিত কৰা ।