নেশ্যনেল ডেস্ক, 20 আগষ্ট:দেওবাৰে ইছৰো (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)ই কয় যে চন্দ্ৰযান-3 অভিযানৰ লেণ্ডাৰ মডিউল (এল এম)ৰ কক্ষপথ সফলতাৰে হ্ৰাস কৰি চন্দ্ৰৰ আৰু অধিক ওচৰলৈ লৈ গৈছে । ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱেও কয় যে এতিয়া এল এমৰ আভ্যন্তৰীণ পৰীক্ষা কৰা হ’ব । লেণ্ডাৰ বিক্ৰম’ আৰু ৰভাৰ প্ৰজ্ঞান’ৰে গঠিত এল এম বিমানখনে 23 আগষ্টৰ সন্ধিয়া চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।
দ্বিতীয় আৰু চূড়ান্ত ডিবুষ্টিং (স্লোইং ডাউন) অপাৰেচনে এল এম কক্ষপথ 25 কিলোমিটাৰ x 134 কিলোমিটাৰলৈ সফলতাৰে হ্ৰাস কৰিছে । মডিউলটোৰ আভ্যন্তৰীণ পৰীক্ষা কৰা হ’ব আৰু নিৰ্দিষ্ট অৱতৰণ স্থানত সূৰ্য উদয়ৰ বাবে অপেক্ষা কৰা হ’ব । দেওবাৰে ইছৰোৱে বৰ্তমানৰ ‘এক্স’ তথা পূৰ্বৰ টুইটাৰত জনোৱা মতে, 2023 চনৰ 23 আগষ্টৰ বিয়লি প্ৰায় 17.45 বজাৰ পৰা চালিত অৱতৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।
14 জুলাইত অভিযান আৰম্ভ হোৱাৰ 35 দিনৰ পাছত বৃহস্পতিবাৰে চন্দ্ৰযান-3 ৰ এল এম প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হয় । ইছৰোৰ সূত্ৰই পূৰ্বে জনাইছিল যে পৃথক হোৱাৰ পিছত লেণ্ডাৰখনে "ডিবুষ্ট" (মন্থৰ হোৱাৰ প্ৰক্ৰিয়া)ৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ অপাৰেচনৰ দ্বাৰা ইয়াক এটা কক্ষপথত স্থাপন কৰা হয়, য'ত পেৰিলুন (চন্দ্ৰৰ পৰা কক্ষপথৰ আটাইতকৈ ওচৰৰ বিন্দু) 30 কিলোমিটাৰ আৰু এপ'লুন (চন্দ্ৰৰ পৰা আটাইতকৈ দূৰৈৰ বিন্দু) 100 কিলোমিটাৰ দূৰত, য'ৰ পৰা চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণৰ বাবে চেষ্টা চলোৱা হ’ব ।