অসম

assam

ETV Bharat / bharat

Chandrayaan 3 Landing : নিৰ্ধাৰিত সূচী অনুসৰিয়ে অৱতৰণ কৰিব চন্দ্ৰযান-৩; ইছৰোৰ অধ্যক্ষ - Chandrayaan 3 landing scheduled

ইছৰোৱে বুধবাৰৰ চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণৰ বাবে কোনো ধৰণৰ স্থগিতকৰণ বা 'প্লেন বি'ৰ কথা ভাবিবলৈ অস্বীকাৰ কৰিছে । সম্ভাৱ্য স্থগিতকৰণৰ বিষয়ে বিভিন্ন মাধ্যমত হোৱা চৰ্চাৰ প্ৰত্যুত্তৰ দি ইছৰোৰ অধ্যক্ষ সোমনাথে কয়, "বুধবাৰে সন্ধিয়া মূল পৰিকল্পনা অনুসৰিয়ে অৱতৰণ নিশ্চিত কৰা হৈছে ।"

Chandrayaan 3 Landing
Chandrayaan 3 Landing

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:17 PM IST

নিউজ ডেস্ক, ২৩ আগষ্ট :ভাৰতীয় মহাকাশ সংস্থাই বুধবাৰে সন্ধিয়া নিৰ্ধাৰিত সময় অনুসৰিয়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাব চন্দ্ৰযান-৩ । আনহাতে, এই ক্ষেত্ৰত কোনো স্থগিতকৰণ বা 'প্লেন বি'ৰ কথা ভবা নাই । দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ সম্পৰ্কে ইছৰোৰ এজন শীৰ্ষ বিষয়াই কয় । ইয়াৰ উপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ এছ সোমনাথে আইএএনএছক কয়, "বুধবাৰে সন্ধিয়া অৱতৰণ মূল পৰিকল্পনা অনুসৰিয়ে নিশ্চিত কৰা হৈছে ।"

উল্লেখ্য, ইছৰোৰ অধ্যক্ষৰ এনে আত্মবিশ্বাসী মন্তব্যই এইটোকে সূচায় যে চন্দ্ৰ অৱতৰণৰ সকলো ব্যৱস্থায়ে সঠিকভাৱে আছে । লেণ্ডাৰ পদ্ধতিত সমস্যা থাকিলে অৱতৰণ ২৭ আগষ্টলৈ পিছুৱাই দিয়া হ'ব বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই দিয়া বিবৃতিৰ বিষয়ে প্ৰশ্ন কৰাত সোমনাথে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বিষয়াজনে লগতে কৈছিল যে ২৭ আগষ্টত অৱতৰণৰ ক্ষেত্ৰত, তেতিয়া নতুন অৱতৰণ স্থান চন্দ্ৰৰ মূল অৱতৰণ স্থানৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৈত থাকিব । কিন্তু ভাৰতীয় মহাকাশ সংস্থাই টুইট কৰিছে যে অভিযানটো নিৰ্ধাৰিত সময়সূচীতে আছে ।

"ব্যৱস্থাবোৰ নিয়মীয়া পৰীক্ষাৰ মাজেৰে চলি আছে । মসৃণ যাত্ৰা অব্যাহত আছে । মিছন অপাৰেচন কমপ্লেক্স (Mission Operations Complex, MOX) শক্তিৱন্ত আৰু উচ্ছসিত হৈ আছে !" ইছৰোৱে কয় । আনহাতে, অন্তিম মিনিটত যিকোনো সমস্যাৰ ক্ষেত্ৰতহে ইছৰোৱা 'প্লেন বি'ৰ পৰিকল্পনা আৰম্ভ কৰিব বুলি কোৱা হৈছে । ইছৰোৰ মতে, চন্দ্ৰ লেণ্ডাৰে ইয়াৰ লেণ্ডাৰ পজিচন ডিটেকচন কেমেৰাৰ (Lander Position Detection Camera, LPDC) সৈতে অৱতৰণ স্থানৰ ছবি তুলি আছে ।

এলপিডিচি ছবিবোৰে লেণ্ডাৰ মডিউলক ইয়াৰ অৱস্থান (অক্ষাংশ আৰু দ্ৰাঘিমাংশ) নিৰ্ধাৰণ কৰাত সহায় কৰে আৰু সেইবোৰক চন্দ্ৰৰ প্ৰাসংগিক মানচিত্ৰৰ সৈতে মিলায় । চন্দ্ৰ লেণ্ডাৰে লেণ্ডাৰ হেজাৰ্ড ডিটেকচন এণ্ড এডভাইডেন্স কেমেৰা (Lander Hazard Detection and Avoidance Camera, LHDAC) নামৰ আন এটা কেমেৰাও কঢ়িয়াই নিছে । এই কেমেৰাটোৱে শিল বা গভীৰ খাদ নোহোৱা এক সুৰক্ষিত অৱতৰণ ক্ষেত্ৰ বিচাৰি উলিওৱাত সহায় কৰে ।

সেয়া যিয়েই নহওক, ৬০০ কোটি টকাৰ চন্দ্ৰযান-৩ অভিযানৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰভূমিত চন্দ্ৰ লেণ্ডাৰক সুৰক্ষিতভাৱে মসৃণ অৱতৰণ কৰোৱা । চন্দ্ৰযান-৩ মহাকাশযানত এটা প্ৰপালচন মডিউল (২,১৪৮ কিলোগ্ৰাম ওজনৰ), এটা লেণ্ডাৰ (১,৭২৩.৮৯ কিগ্ৰা) আৰু এটা ৰ'ভাৰ (২৬ কিগ্ৰা) অন্তৰ্ভুক্ত আছে । কেইদিনমান পূৰ্বে লেণ্ডাৰটো প্ৰপালচন মডিউলৰ পৰা পৃথক হৈ যায় আৰু দুয়োটায়ে এতিয়া চন্দ্ৰত ঘূৰি আছে । আনহাতে, ৰ'ভাৰটো লেণ্ডাৰৰ ভিতৰত আছে ।

লগতে পঢ়ক :Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী

ABOUT THE AUTHOR

...view details