নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ :ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ মহাকাশযানৰ প্ৰপালচন মডিউলৰ (পিএম) প্ৰথম কাম আছিল চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰা । ইছৰোৰ চন্দ্ৰ অভিযানৰ এই উদ্দেশ্য ইতিমধ্যে পূৰণ হৈছে । ইয়াৰ পাছত মহাকাশযানখনৰ প্ৰপালচন মডিউলক সফলতাৰে পৃথিৱীৰ কক্ষপথলৈ ঘূৰাই অনা হৈছে । ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে কেৱল চন্দ্ৰলৈ মহাকাশযান উৎক্ষেপণ কৰাই নহয় তাক পুনৰ ওভতাই অনাৰো সামৰ্থ আছে ভাৰতৰ ।
ভাৰতৰ মহাকাশ সংস্থাই এক বিজ্ঞপ্তিত কৈছে যে বিক্ৰমে (লেণ্ডাৰ) চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছত পুনৰ ওভতাই অনাটো আন এক সফলতা আছিল যিয়ে দেখুৱায় যে ইছৰোৱে ইঞ্জিনবোৰ পুনৰ আৰম্ভ কৰিব পাৰিব আৰু চন্দ্ৰত তাক পৰিচালনা কৰিবলৈ সক্ষম হ'ব । যিটো কোনেও আশা কৰা নাছিল । আন এক অনন্য পৰীক্ষাত বিক্ৰম লেণ্ডাৰৰ ওপৰত হপ পৰীক্ষাৰ দৰেই চন্দ্ৰযান-৩ৰ প্ৰপালচন মডিউল (পিএম) চন্দ্ৰৰ চাৰিওফালৰ কক্ষপথৰ পৰা স্থানান্তৰ কৰা হৈছে ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) এক আনুষ্ঠানিক বিজ্ঞপ্তিত কৈছে যে দেশৰ প্ৰথম সফল চন্দ্ৰ অভিযানৰ প্ৰাথমিক উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰা আৰু লেণ্ডাৰ 'বিক্ৰম' আৰু ৰ'ভাৰ 'প্ৰজ্ঞান'ত লগোৱা সঁজুলি ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা কৰা । মহাকাশযানখন ২০২৩ চনৰ ১৪ জুলাইত এছ.ডি.এছ.চি., এছ.এইচ.এ.আৰ.-ৰ পৰা এক এল.ভি.এম.৩-এম৪ বাহনৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল ।