অসম

assam

ETV Bharat / bharat

ISRO and Microsoft Agreement : মহাকাশ ষ্টাৰ্ট আপৰ সমৰ্থনৰ বাবে চুক্তিবদ্ধ ISRO আৰু মাইক্ৰ'ছফ্ট - চুক্তিবদ্ধ ISRO আৰু মাইক্ৰছফ্ট

ইছৰোৱে বৃহস্পতিবাৰে জনোৱা মতে ভাৰতত মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপৰ উন্নয়নৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে (MoU between ISRO and Microsoft)। ইয়াৰ জৰিয়তে মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপসমূহ লাভান্বিত হ'ব । এই চুক্তিক লৈ দুয়োটা প্ৰতিষ্ঠানৰ শীৰ্ষ কৰ্তৃপক্ষ যথেষ্ট আনন্দিত ।

ISRO and Microsoft Agreement
চুক্তিবদ্ধ ISRO আৰু মাইক্ৰ'ছফ্ট

By

Published : Jan 5, 2023, 4:30 PM IST

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ :ভাৰতত মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপৰ বিকাশত অৰিহণা যোগাবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো আৰু মাইক্ৰ'ছফ্টে বৃহস্পতিবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে (MoU between ISRO and Microsoft)। এই বুজাবুজি চুক্তিৰ জৰিয়তে সমগ্ৰ দেশতে মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপসমূহক (Space tech start ups) প্ৰযুক্তিৰ সঁজুলি আৰু প্লেটফৰ্ম, বজাৰৰ সমৰ্থন আৰু পৰামৰ্শ প্ৰদানত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব । ইয়াৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন উদ্যোগ নিৰ্মাণ আৰু বজাৰ দখলত সহায় হ'ব ।

বেংগালুৰুত অনুষ্ঠিত হৈছে মাইক্ৰ'ছফ্ট ফিউচাৰ ৰেডি টেকন'লজী সন্মিলন (Microsoft Future Ready Technology Summit)। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহি মাইক্ৰ'ছফ্টৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাই এই চুক্তিত স্বাক্ষৰ কৰে । মাইক্ৰ'ছফ্টে এক বিজ্ঞপ্তিত উল্লেখ কৰা মতে এই সহযোগিতাৰ ফলত ভাৰতৰ আটাইতকৈ প্ৰতিশ্ৰুতিশীল মহাকাশ প্ৰযুক্তি উদ্ভাৱক আৰু উদ্যোগীসকলৰ বজাৰৰ সম্ভাৱনা আগবঢ়াই অনাৰ ইছৰোৰ দৃষ্টিভংগী শক্তিশালী কৰিব বিচাৰিছে । এই চুক্তিৰ জৰিয়তে, ইছৰোৱে চিনাক্ত কৰা মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপবোৰ 'মাইক্ৰ'ছফ্ট ফৰ ষ্টাৰ্ট-আপছ ফাউণ্ডাৰচ হাব প্লেটফৰ্ম'ত ৰখা হ'ব ।

এই প্লেটফৰ্মৰ জৰিয়তে ভাৰতত স্পেচ-টেক ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপকসকলে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে পৰিচালনাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিগত সঁজুলি আৰু সম্পদৰ বিনামূলীয়া ব্যৱহাৰ কৰিব বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে । লগতে কোৱা হৈছে যে ইয়াত অন্তৰ্ভুক্ত আছে এজুৰত নিৰ্মাণ আৰু স্কেল কৰিবলৈ কাৰিকৰী সমৰ্থন, শ্ৰেষ্ঠ শ্ৰেণীৰ বিকাশক আৰু উৎপাদনশীলতা সঁজুলি, গিটহাব এণ্টাৰপ্ৰাইজ, ভিজুৱেল ষ্টুডিঅ' এণ্টাৰপ্ৰাইজ আৰু মাইক্ৰ'ছফ্ট ৩৬৫ সহ পাৱাৰ বিআই আৰু ডাইনামিকছ ৩৬৫।

ISROৰ অধ্যক্ষ এছ সোমনাথে চুক্তি সন্দৰ্ভত কয় যে মাইক্ৰ'ছফ্টৰ সৈতে মহাকাশ সংস্থাৰ সহযোগিতাই AI, মেচিন লাৰ্ণিং আৰু ডিপ লাৰ্ণিঙৰ দৰে অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন এপ্লিকেচনে উপগ্ৰহৰ তথ্যৰ বিশ্লেষণ আৰু প্ৰক্ৰিয়াকৰণত মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপসমূহক যথেষ্ট লাভান্বিত কৰিব ।

ষ্টাৰ্ট-আপৰ বাবে মাইক্ৰ'ছফ্ট প্ৰতিষ্ঠাপক কেন্দ্ৰ হৈছে ৰাষ্ট্ৰীয় মহাকাশ প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰক সমৰ্থন কৰাৰ বাবে ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তি সমাধান প্ৰদানকাৰীসকলক একত্ৰিত কৰাৰ বাবে এক উপযোগী মঞ্চ । ISROৰ অধ্যক্ষ এছ সোমনাথে উল্লেখ কৰা মতে উদ্যোগীসকলক সহায় আৰু সমৰ্থন কৰাৰ বাবে একেলগে কাম কৰি তেওঁলোক আনন্দিত । যাতে সামগ্ৰিকভাৱে ভাৰতীয় অৰ্থনীতি লাভান্বিত হয় তাৰ উদ্দেশ্য আগত ৰাখিয়ে এই চুক্তি সম্পন্ন কৰা হৈছে (Benefits of MoU between ISRO and Microsoft)।

প্ৰযুক্তিৰ ব্যৱহাৰৰ উপৰিও, মাইক্ৰ'ছফ্টে মহাকাশ অভিযান্ত্ৰিকৰ পৰা ক্লাউড প্ৰযুক্তি, সামগ্ৰী আৰু ডিজাইন, পুঁজি সংগ্ৰহ, বিক্ৰী আৰু বিপণনলৈকে মহাকাশ প্ৰযুক্তি উদ্যোগীসকলক পৰামৰ্শৰ ক্ষেত্ৰত সমৰ্থন প্ৰদান কৰিব । ইয়াৰ উপৰিও, প্ৰতিষ্ঠাপকসকলে উদ্যোগ আৰু সাম্ভাব্য গ্ৰাহকৰ সৈতে সংযোগ গঢ়ি তোলাত সহায় কৰিবলৈ ষ্টাৰ্ট-আপ কেন্দ্ৰিক প্ৰশিক্ষণ সমল আৰু কাৰ্যসূচীৰ বাবে মাইক্ৰ'ছফ্ট লাৰ্ণৰ অধিকাৰ লাভ কৰিব ।

ভাৰতত মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপসমূহে প্ৰযুক্তিৰ শক্তিৰে দেশৰ মহাকাশ সামৰ্থ্যক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । মাইক্ৰ'ছফ্ট ইণ্ডিয়াৰ অধ্যক্ষ অনন্ত মহেশ্বৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মহাকাশত যি সম্ভৱ তাৰ বাবে ইছৰোৰ সৈতে সহযোগিতা কৰি তেওঁলোক আনন্দিত । আনহাতে মাইক্ৰ'ছফ্টৰ প্ৰযুক্তি সঁজুলি, প্লেটফৰ্ম আৰু পৰামৰ্শৰ জৰিয়তে দেশত মহাকাশ প্ৰযুক্তি ষ্টাৰ্ট-আপসমূহক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে বিজ্ঞপ্তিত উল্লেখ কৰা মতে মাইক্ৰ'ছফ্ট আৰু ইছৰোৱে মহাকাশ উদ্যোগৰ বিশেষজ্ঞসকলৰ সৈতে ষ্টাৰ্ট-আপৰ জ্ঞান আদান-প্ৰদানৰ বাবে যুটীয়া অধিৱেশনৰ আয়োজন কৰিব ।

লগতে পঢ়ক :Telegram Messenger: অত্যাধুনিক সুবিধাৰে আহিছে টেলিগ্ৰাম মেছেঞ্জাৰ

ABOUT THE AUTHOR

...view details