নিউজ ডেস্ক, ৬ জানুৱাৰী : ইছৰোৱে সূৰ্য অধ্যয়ন কৰা প্ৰথম মহাকাশ ভিত্তিক ভাৰতীয় অবজাৰভেটৰী আদিত্য এল1 মহাকাশযান শনিবাৰে পৃথিৱীৰ পৰা প্ৰায় 1.5 নিযুত কিলোমিটাৰ দূৰৈত ইয়াৰ অন্তিম গন্তব্য কক্ষপথত স্থাপনৰ বাবে চূড়ান্ত কৌশল গ্ৰহণ কৰিব । ইছৰোৰ বিষয়াসকলৰ মতে, মহাকাশযানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰৈত সূৰ্য-পৃথিৱী ব্যৱস্থাৰ লাগ্ৰেঞ্জ পইণ্ট ১-ৰ (এল১) চাৰিওফালে এটা হেলো কক্ষপথত স্থাপন কৰা হ'ব ।
এল১ বিন্দুটো পৃথিৱী আৰু সূৰ্যৰ মাজৰ মুঠ দূৰত্বৰ প্ৰায় এক শতাংশ। এল1 বিন্দুৰ চাৰিওফালে থকা এটা হেলো কক্ষপথত থকা এটা উপগ্ৰহৰ কোনো অসুবিধা অবিহনে সূৰ্যক নিৰন্তৰ লক্ষ্য কৰাৰ মুখ্য সুবিধা আছে । ইছৰোৱে প্ৰকাশ কৰা অনুসৰি, ই সৌৰ কাৰ্যকলাপ আৰু প্ৰকৃত সময়ত মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰাত অধিক সুবিধা প্ৰদান কৰিব ।
"এই কৌশলে (শনিবাৰে আবেলি প্ৰায় 4 বজাত) আদিত্য এল১-ক এল১-ৰ চাৰিওফালে এটা হেলো কক্ষপথৰ সৈতে বান্ধি ৰাখিব । যদি আমি এইটো নকৰোঁ, তেন্তে ই নিজৰ যাত্ৰা হয়তো সূৰ্যৰ ফালে অব্যাহত ৰখাৰ সম্ভাৱনা আছে ।" শুকুৰবাৰে ইছৰোৰ এগৰাকী বিষয়াই পিটিআইক জনায় । উল্লেখ্য যে প'লাৰ ছেটেলাইট লঞ্চ ভেহিকলে (পিএছএলভি-চি৫৭) যোৱা বছৰৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আদিত্য এল১ মহাকাশযান উৎক্ষেপণ কৰিছিল ।